ETV Bharat / state

Controversial comment of Satradhikar: ভুল স্বীকাৰ মেৰবিলৰ বাৰেঘৰ চলিহা সত্ৰৰ সত্ৰাধিকাৰৰ

author img

By

Published : Apr 1, 2023, 2:19 PM IST

কুকুৰা পোহা বাবে এজন যুৱকক সত্ৰ সমাজে সামাজিকভাৱে বৰ্জন কৰাৰ অভিযোগ । এটা ফেচবুক পোষ্টৰ জড়িয়তে বাৰেঘৰ চলিহা সত্ৰৰ বিৰুদ্ধে উত্থাপন কৰিছিল এই বিস্ফোৰক অভিযোগ । অৱশেষত ভুল স্বীকাৰ কৰি নিজৰ বিতৰ্কিত মন্তব্য উঠাই ল'লে সত্ৰাধিকাৰে (Apology of Satradhukar in Naharkatia Chasani )।

Apology of Satradhukar in Naharkatia Chasani
শ্ৰীশ্ৰী বাৰেঘৰ চলিহা সত্ৰৰ সত্ৰাধিকাৰ
শ্ৰীশ্ৰী বাৰেঘৰ চলিহা সত্ৰৰ সত্ৰাধিকাৰ

মৰাণ, ১ এপ্ৰিল: অৱশেষত ভুল স্বীকাৰ কৰি নিজৰ বিতৰ্কিত মন্তব্য উঠাই ল'লে নাহৰকটীয়া চাচনীৰ মেৰবিলৰ শ্ৰীশ্ৰী বাৰেঘৰ চলিহা সত্ৰৰ সত্ৰাধিকাৰে । কুকুৰা পোহাৰ বাবেই সত্ৰ সমাজৰ পৰা বহিষ্কাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছিল চাচনীৰ ভকত গাঁৱৰ এজন যুৱকে (Social exclusion of youth in Naharkatia) । ইয়াৰ বিপৰীতে পিতৃ আৰু বৰমাকক কৰা মাৰপিটৰ বাবে সত্ৰ সমাজে বহিষ্কাৰৰ কথা উল্লেখ কৰিছিল সত্ৰাধিকাৰে । বিগত কেইবাদিন ধৰি এই বিষয়টোক লৈ বিতৰ্ক আৰম্ভ হোৱাত সত্ৰাধিকাৰ গজেন মহন্তই নিজৰ ভুল স্বীকাৰ কৰে ।

নিজৰ ভুল স্বীকাৰ কৰি নাহৰকটীয়া চাচনীৰ শ্ৰীশ্ৰী বাৰেঘৰ চলিহা সত্ৰৰ সত্ৰাধিকাৰ গজেন মহন্তই কয় যে তেওঁৰ বিৰুদ্ধে মন্তব্য় কৰাটো সমীচিন হোৱা নাই (Sri Sri Bareghar Chaliha Satra of Naharkatia Chasani)। চাচনীৰ ভকত গাঁৱৰ যুৱক জিতু খনিকৰৰ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য উঠাই ল'লে সত্ৰাধিকাৰ গৰাকীয়ে (Controversial comment of Satradhikar on youth)। উল্লেখ্য যে নাহৰকটীয়া চাচনীৰ ভকত গাঁৱৰ যুৱক জিতু খনিকৰে এটা ফেচবুক পোষ্টৰ জড়িয়তে বাৰেঘৰ চলিহা সত্ৰৰ বিৰুদ্ধে উত্থাপন কৰিছিল বিস্ফোৰক অভিযোগ । কুকুৰা পোহাৰ বাবে জিতু খনিকৰক সত্ৰ সমাজে সামাজিকভাৱে বৰ্জন কৰাৰ লগতে পিতৃ প্ৰয়াত সোণকণ খনিকৰৰ তিলনিৰ দিনাও পৰিয়ালটোক শুদ্ধিকৰণ নকৰা বুলি ফেচবুক পোষ্টত উল্লেখ কৰি সামাজিক ব্যৱস্থাৰ প্ৰতি ক্ষোভ উজাৰিছিল যুৱকজনে ।

ইপিনে, যুৱকজনে উত্থাপন কৰা এই অভিযোগৰ বিপৰীতে শ্ৰী শ্ৰী চলিহা বাৰেঘৰ সত্ৰৰ সত্ৰাধিকাৰ গজেন মহন্তই যুৱকজনৰ অভিযোগ অস্বীকাৰ কৰি কুকুৰা পোহাৰ বাবে নহয় জিতু খনিকৰে নিজৰ পিতৃ আৰু বৰমাক মাৰপিট কৰাৰ বাবে সত্ৰৰ সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছিল বুলি প্ৰকাশ কৰিছিল । এই সন্দৰ্ভত বাতৰি প্ৰকাশ পোৱাৰ পিছত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ।

ইফালে, এই ঘটনাটোৰ প্ৰায় ডেৰমাহ উকলি যোৱাৰ পিছত শনিবাৰে নিজৰ ভুল স্বীকাৰ কৰি যুৱকজনৰ বিৰুদ্ধে কৰা বিতৰ্কিত মন্তব্য উঠাই ল'লে সত্ৰাধিকাৰ গজেন মহন্তই (Satradhikar Admitting his mistake in Naharkatia)। তেওঁ কয়,"মই এনদৰে ক'ব নালাগিছিল, মই মানুহৰ মুখতহে শুনা কথা ৷ পিতৃ, বৰমাকক অত্যাচাৰ কৰাৰ কথা, মোৰ মুখেৰে ভুল বাক্য উলাই গৈছিল, পাপ হৈছে, মই মোৰ বক্তব্য উঠাই লৈছো" ৷ তেওঁ পুনৰ কয়, " সি আমাৰে ল'ৰা।" লগতে দুয়ো পক্ষৰ বুজাবুজি হোৱা বুলি মন্তব্য় কৰি যুৱকজনৰ পিতৃৰ দহা কাজ সমাপন কৰা হৈছে বুলি উল্লেখ কৰে সত্ৰাধিকাৰ গজেন মহন্তই ।

লগতে পঢ়ক:Personal Accident Insurance : বিত্তীয় আঘাত প্ৰতিহত কৰিবলৈ কৰক ব্যক্তিগত দুৰ্ঘটনা বীমা

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.