ETV Bharat / state

ৰাজ্যজুৰি ঠিকাভিত্তিক কৰ্মচাৰীৰ ধর্মঘট

author img

By

Published : Oct 2, 2019, 2:56 AM IST

Updated : Oct 2, 2019, 3:17 AM IST

চাকৰি নিয়মীয়াকৰণ, চৰকাৰী কৰ্মচাৰীৰ সমপৰ্যায়ৰ পাৰিশ্ৰমিক প্ৰদানৰ দাবী ৷

ৰাজ্যজুৰি ঠিকাভিত্তিক কৰ্মচাৰীৰ ধর্মঘট

নিউজ ডেক্স, 1 অক্টোবৰ: মঙলবাৰৰ পৰা সমগ্ৰ ৰাজ্যজুৰি আৰম্ভ হৈছে উন্নয়ন খণ্ড সমূহৰ ঠিকা ভিত্তিক নিযুক্ত কৰ্মচাৰীৰ 5 দিনীয়া ধর্মঘট কার্যসূচী ৷ প্ৰায় 8620 জন ঠিকাভিত্তিক কৰ্মচাৰীৰ এই প্ৰতিবাদী কার্যসূচীৰ ফলত এতিয়া স্তবিৰ হৈ পৰিছে ৰাজ্যৰ উন্নয়ন খণ্ড সমূহৰ কাম-কাজ ৷ এফালে পৰিবৰ্তনগামী উন্নয়নৰ শ্ল'গান দিয়া সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে আনফালে চৰম প্ৰতাৰণা কৰিছে উন্নয়ন খণ্ডসমূহত ঠিকা ভিত্তিক নিযুক্ত কৰ্মচাৰীসকলক ৷ যাৰ ফলত চাকৰি নিয়মীয়াকৰণ আৰু চৰকাৰী কৰ্মচাৰীৰ সমপৰ্যায়ৰ পাৰিশ্ৰমিক প্ৰদানৰ দাবীত এইবাৰ আন্দোলনত নামিছে 2008 চনতে নিযুক্তি পোৱা ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকল ৷

সমগ্ৰ ৰাজ্যৰ লগতে মঙলবাৰে নগাঁও জিলাৰ বঢ়মপুৰতো কঠিয়াতলী উন্নয়ন খণ্ডৰ ৫৭ গৰাকী কৰ্মচাৰীয়ে পালন কৰে ধর্মঘট কার্যসূচী ৷ লগতে চৰকাৰে প্ৰতিবাদৰ ভাষা নুবুজিলে অনিদিষ্টকালীন কৰ্মবিৰতি পালন কৰি আৰু অধিক জংগী আন্দোলন কার্যসূচী হাতত লোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷

ইফালে শোণিতপুৰৰ ৰঙাপাৰাতো পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে তিনিদিনীয়া ধর্মঘটৰ কার্যসূচী হাতত লৈছে ৷ দিনৰ 11 বজাৰ পৰা ৰঙাপৰা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশানুসৰি কামৰ সমান বেতন ,দৰমহা বৃদ্ধি, চাকৰি নিয়মীয়া কৰণ কৰা, মানৱ সম্পদ প্ৰযোজ্য কৰাৰ দাবীৰে কৰ্মৰত ২৮ গৰাকী কৰ্মচাৰীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে মৰিগাঁৱৰ ভুৰবন্ধা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলেও এই ধর্মঘট কার্যসূচী পালন কৰি ৰাজ্য চৰকাৰ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনাই ৷ সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ জয়পুৰতো, জয়পুৰ উন্নয়ন খণ্ডৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ কৰ্মচাৰী সকলেও ধর্মঘট কার্যসূচী পালন কৰে লগতে খোৱাং উন্নয়ন খণ্ডটো এই ধৰ্মঘট কাৰ্যসূচী হাতত লোৱা হয় ৷

ৰাজ্যজুৰি ঠিকাভিত্তিক কৰ্মচাৰীৰ ধর্মঘট

ইফালে মঙলবাৰে পুৱাৰে পৰা চিৰাং জিলাতো পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ঠিকাভিত্তিক কৰ্মচাৰী সকলে ধর্মঘট কার্যসূচী হাতত লয় ৷ সমান্তৰালভাৱে কোকৰাঝাৰ জিলাৰ উপৰিও কৰিমগঞ্জৰ পাথাৰকান্দি খণ্ড উন্নয়ন বিষয়াৰ কার্যালয় সম্মুখত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকা ভিত্তিক কৰ্মচাৰী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখযোগ্য যে, যি সকল কৰ্মচাৰীক লগত লৈ চৰকাৰৰ গ্ৰামোন্নয়ন বিভাগে উন্নয়নৰ সপোন দেখিছে সেইসকল ঠিকাভিত্তিক নিযুক্ত কৰ্মচাৰীৰ এই 5 দিনীয়া ধর্মঘট কার্যসূচীৰ ফলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কাম-কাজ সমূহ স্তবিৰ হৈ পৰিব ৷

Intro:Story=ৰাজ্যত ৮৬২০ জন ঠিকাভিত্তি কৰ্মচাৰীৰ কৰ্ম বিৰতি ৷বঢ়মপুৰৰ কঠিয়াতলী উন্নয়ন খণ্ডতো ঠিকা ভিত্তিক কৰ্মচাৰীৰৰ কৰ্মবিৰতি স্থবিৰ কাম কাজ ৷
Anchor=এফালে পৰিবৰ্তনগামী চৰকাৰৰ উন্নয়নৰ শ্ল'গান, আনফালে উন্নয়নৰ কামত নিয়োজিত কৰ্মচাৰীকে প্ৰবঞ্চনা চৰকাৰৰ ৷ হয়, ৰাজ্যৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন বিভাগৰ ৮৬২০ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ কৰ্মবিৰতিত স্থবিৰ হৈ পৰিছে উন্নয়নখণ্ড সমূহৰ কামকাজ । ২০০৮ চনতে নিযুক্তি হোৱা ৰাজ্যৰ ৮৬২০ জন কৰ্মচাৰিয়ে চাকৰী নিয়মীয়া কৰণ কৰা, চৰকাৰী কৰ্মচাৰী সমপৰ্যায়ত পাৰিশ্ৰমিক প্ৰদান কৰাকে ধৰি কেইবাটাও দাবী তুলি মঙ্গলবাৰৰ পৰা ৫ দিনীয়াকৈ ৰাজ্যজুৰি উন্নয়ন খণ্ড সমূহত কৰ্ম বিৰতি পালন কৰাৰ লগতে বঢ়মপুৰৰ কঠিয়াতলী উন্নয়ন খণ্ডৰ ৫৭ গৰাকী কৰ্মচাৰীয়ে কৰ্ম বিৰতি পালন কৰে । ইমানৰ পাছতো যদি ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰে চাকৰি নিয়মীয়া কৰণ নকৰে তেনেহলে ঠিকাভিত্তিক কৰ্মচাৰী সকলে অনিদিষ্টকালীন কৰ্মবিৰতি পালন কৰাৰ হুংকাৰ দিয়ে ৷ উল্লেখ্য যে যি সকল কৰ্মচাৰীক লৈয়ে ৰাজ্য চৰকাৰে গ্ৰামোন্নয়ন বিভাগে উন্নয়নৰ সপোন দেখিছে আৰু সেই সকল কৰ্মচাৰীয়ে নিজৰ কৰ্ম সুনিশ্চিত কৰাৰ বাবে কৰা এই অন্দোলন কৰাৰ ফলত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কামকাজ স্থবিৰ হৈ পৰিব ।

Body:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
Last Updated : Oct 2, 2019, 3:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.