ETV Bharat / state

মৰাণৰ উন্নয়নৰ স্বাৰ্থত একাধিক সংগঠনৰ প্ৰতিবাদ - মৰাণ ৰাজহ চক্ৰ বিষয়া

ৰাজনৈতিক প্ৰভাৱ খটুৱাই কিছু ব্যৱসায়িক প্ৰতিষ্ঠানৰ মালিকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান নভঙাকৈ কাম কৰাৰ বাবে পৰিকল্পনা কৰিছিল । কিন্তু জাতীয় সংগঠন, মৰাণৰ সচেতন ৰাইজৰ প্ৰতিবাদৰ অন্তত বুধবাৰে ৰাষ্ট্ৰীয় গড়কাপ্তানী বিভাগে উক্ত ব্যৱসায় প্ৰতিষ্ঠান কেইখন ভাঙি পুনৰ নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । মৰাণৰ উন্নয়নৰ স্বাৰ্থত পুনৰ কাম আৰম্ভ কৰাত ডিব্ৰুগড় জিলা উপায়ুক্তৰ লগতে মৰাণ ৰাজহ চক্ৰ বিষয়াক ধন্যবাদ জনায় মৰাণৰ দল-সংগঠনৰ নেতা কৰ্মীৰ লগতে সচেতন ৰাইজে ।

construction-of-national-highway-of-moran-starts
মৰাণৰ উন্নয়নৰ স্বাৰ্থত একাধিক সংগঠনৰ প্ৰতিবাদ
author img

By

Published : Nov 5, 2020, 9:15 PM IST

মৰাণ, 5 নৱেম্বৰ: ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আঁচনিৰ অধীনত মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বহলিকৰণ, পদপথ আৰু নৰ্দমা নিৰ্মাণৰ বাবে আৱন্টন হৈছিল ১৩.৫ কোটি টকা । ইয়াৰে এটা অংশৰ পুঁ‌জি পদপথ আৰু নৰ্দমা নিৰ্মাণৰ বাবে খৰচ কৰা হৈছে । বৰ্তমানে নগৰখনত নৰ্দমা নিৰ্মাণৰ কাম চলি আছে যদিও এই নৰ্দমা নিৰ্মাণত বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছিল । লগতে মৰাণৰ কিছু ব্যৱসায়ীয়ে নলা নিৰ্মাণৰ বাবে মাটি এৰি নিদিয়া বাবে কাম কৰাত বেমেজালি সৃষ্টি হৈছিল ।

এই ক্ষেত্ৰত মৰাণ প্ৰশাসন আৰু ব্যৱসায়ী সকলৰ মাজত আলোচনা হৈছিল আৰু প্ৰথম অৱস্থাত ব্যৱসায়ী সকলে মাটিৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান এৰি দিয়াৰ সিদ্ধান্ত দিছিল । কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ ঠিকাদাৰে নলা নিৰ্মাণৰ কাম কৰিবলৈ অহাত একাংশ ব্যৱসায়ীয়ে ব্যৱসায়িক প্ৰতিষ্ঠান ভঙাৰ ক্ষতিপূৰণৰ দাবী কৰি কাম কৰাত বাধা প্ৰদান কৰে । ইয়াৰ লগে লগেই মৰাণ আছু, তাই আহোম ছাত্ৰ সন্থা, আহোম জাতীয় গণ মঞ্চকে ধৰি কেইবাটাও সংগঠনৰ নেতৃত্বই বিষয়টোক লৈ উক্ত দিনাই প্ৰশাসনিক বিষয়াৰ উপস্থিতিত প্ৰতিবাদ কৰিছিল । তেওঁলোকে দাবী কৰিছিল, মৰাণৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত নলা আৰু পদপথ নিৰ্মাণৰ বাবে ব্যৱসায়ী সকলে মাটি এৰি দিব লাগে । কাৰণ ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন চৰকাৰী ৰাষ্ট্ৰীয় ঘাইপথৰ মাটিতে নিৰ্মাণ কৰা হৈছে ।

construction-of-national-highway-of-moran-starts
মৰাণৰ উন্নয়নৰ স্বাৰ্থত একাধিক সংগঠনৰ প্ৰতিবাদ

জানিব পৰা মতে, ৰাজনৈতিক প্ৰভাৱ খটুৱাই কিছু ব্যৱসায় প্ৰতিষ্ঠানৰ মালিকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান নভঙাকৈ কাম কৰাৰ বাবে পৰিকল্পনা কৰিছিল । কিন্তু জাতীয় সংগঠন, মৰাণৰ সচেতন ৰাইজৰ প্ৰতিবাদৰ অন্তত বুধবাৰে ৰাষ্ট্ৰীয় গড়কাপ্তানী বিভাগে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠান কেইখন ভাঙি পুনৰ নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । মৰাণৰ উন্নয়নৰ স্বাৰ্থত পুনৰ কাম আৰম্ভ কৰাত ডিব্ৰুগড় জিলা উপায়ুক্তৰ লগতে মৰাণ ৰাজহ চক্ৰ বিষয়াক ধন্যবাদ জনাই মৰাণ দল-সংগঠনৰ নেতা কৰ্মীৰ লগতে সচেতন ৰাইজে ।
লগতে পঢ়ক: যোৰহাটত উদ্ধৱ থাকৰেৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.