ডিব্ৰুগড়,11 অক্টোবৰ: তীব্ৰ গতিত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ । ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাৰ ফলত মাইজানৰ নগাঘুলী কছাৰীলাইনত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰিছে ভয়ংকৰ খহনীয়া (Brahmaputra embankment erosion in Dibrugarh) । এছিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰা সুৰক্ষা বান্ধ ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলাইছে স্থানীয় ৰাইজে । হাজাৰ হাজাৰ শ্ৰমিকৰ শ্ৰমদানেৰে গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে মাইজানবাসী ৰাইজে ।
ইতিমধ্যে ৯০শতাংশ সুৰক্ষা বান্ধৰ মাটি নদীয়ে উটুৱাই লৈ গৈছে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে(Erosion in Dibrugarh) । ইতিমধ্যে ২০০ মিটাৰ ভূমি যোৱা তিনি দিনত জাহ গৈছে বৰলুইতৰ বুকুত । সেয়েহে মাইজান আৰু গ্ৰীণউদ বাগিচা বন্ধ কৰি শ্ৰমিকে শ্ৰমদান কৰি ব্যষ্ট হৈ পৰিছে মথাউৰি নিৰ্মাণত(Construction of embankment by tea workers) ।
উল্লেখ্য যে প্ৰতিটো বৰ্ষতে ডিব্ৰুগড় ৰহমৰীয়াৰ পৰা মাইজান অঞ্চললৈ মহাবাহু ব্ৰহ্মপুত্ৰ খহনীয়া হৈ আহিছে যদিও চলিত বৰ্ষত সৃষ্টি হৈছে ভয়াৱহ পৰিস্থিতিৰ । মাইজান মথাউৰিৰ এটা অংশ মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ পাছতহে গা লৰিছে জিলা প্ৰশাসন আৰু জলসম্পদ বিভাগৰ ।
গুৰুত্বপূৰ্ণ বিষয়টো হ'ল নদীৰ এই খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ডিব্ৰুগড় বিমান বন্দৰ, অসম চিকিৎসা মহাবিদ্যালয়ৰৰ লগতে হাজাৰ হাজাৰ হেক্টৰ চাহ বাগিচা তথা বহু সংখ্যক চাহ উদ্যোগলৈ । এই গৰাখহনীয়া প্ৰতিৰোধ কৰিব নোৱাৰিলে ভয়ংকৰ বিপদত পৰিব ডিব্ৰুগড় চহৰৰ ৰাইজ । যাৰ বাবে এতিয়া খহনীয়া ৰোধৰ বাবে দেহে কেহে লাগিছে মাইজানবাসী ।
উল্লেখ্য যে, বিগত কেইবাদিনো ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্য়াহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়া । কিন্তু এই ক্ষেত্ৰত চৰকাৰৰ বিয়াগোম জলসম্পদ বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে । কোনো কোনো প্ৰান্তত চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই খহনীয়াগ্ৰস্ত ৰাইজে নৈ পাৰতে পূজা-পাতলৰ ব্যৱস্থা কৰাও দেখিবলৈ পোৱা গৈছে ।
কেৱল ব্ৰহ্মপুত্ৰই নহয় সোৱণশিৰি নদীয়েও কালৰূপ ধাৰণ কৰিছে লখিমপুৰত । লখিমপুৰৰ ঘনচৰাইত জলসম্পদ বিভাগে এমাহ জোৰা প্ৰচেষ্টাৰ পাছতো ঘনচৰাইৰ মথাউৰি ৰক্ষা কৰিব নোৱাৰাত সোৱণশিৰিৰ পাৰত মহিলাসকলে পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় । ইমানৰ পাছতো ৰাজ্যৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগে কেতিয়া সু-ব্যৱস্থা কৰিব সেয়া জনতাৰ বাবে লাখটকীয়া প্ৰশ্ন ।
লগতে পঢ়ক: ডিব্ৰুগড়ত মহাবাহু ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ ৰূপ