মৰাণ, 5 চেপ্টেম্বৰ: কেন্দ্ৰ তথা ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ থাকিলেও দলীয় সাংগঠনিক কামত পিছ পৰি ৰোৱা নাই ভাৰতীয় জনতা পাৰ্টী । দলীয় ভেঁটি শক্তিশালী কৰিবলৈ জিলাই জিলাই আৰম্ভ কৰিছে বৃহৎ যোগদান কাৰ্যসূচী । দেওবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত তিলৈ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মন্ত্ৰী যোগেন মহনৰ লগতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈৰ (Moran MLA Chakradhar Gogoi ) উপস্থিতিত অনুষ্ঠিত হ'ল বৃহৎ যোগদান কাৰ্যসূচী (Congress workers join BJP) ।
মৰাণ সমষ্টিৰ খোৱাং আৰু লৰুৱা মণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত প্ৰায় দুই সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাৱে যোগদান কৰে বিজেপিত । বিশেষকৈ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ ভিতৰত ধেমেচী পঞ্চায়তৰ কংগ্ৰেছ সভাপতি অতুল চাংমাই, নাহৰণি পঞ্চায়তৰ প্ৰাক্তন কাউন্সিলাৰ ৰূপজ্যোতি শেনচোৱা, ৰাংচালি পঞ্চায়তৰ প্ৰাক্তন সভাপতি অশোক কুৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্ণ ভোজেল আৰু সমাজকৰ্মী কমলা ৰাইদঙীয়া, কংগ্ৰেছ দলৰ খোৱাং ব্লক সমিতিৰ প্ৰাক্তন সভাপতি পাউলোচ ঘাটোৱাৰকে ধৰি দুই সহস্ৰাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে ।
যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যৰ ৰাজহ বিভাগৰ মন্ত্ৰী যোগেন মহনে কয় (Minister Jogen Mohan), কংগ্ৰেছ এতিয়া এখন দুবন্ত নাও, কংগ্ৰেছৰ ভাল কৰ্মীসকল ইতিমধ্যেই বিজেপিলৈ আহিছে । কংগ্ৰেছ দলত এতিয়া কোনো নীতি নাই, কোনো নেতা নাই- সেয়ে বিজেপিৰ উন্নয়নমূলক কামৰ প্ৰতি আকৃষ্ট হৈ সকলো বিজেপিলৈ আহিছে ।
উল্লেখযোগ্য যে, একেটা প্ৰেক্ষাগৃহতে দুদিন পূৰ্বে আম আদমি পাৰ্টীত যোগদান কৰিছিল স্থানীয় বহু সংখ্যক লোকে । আপৰ এই যোগদান কাৰ্যসূচীক লৈ মৰাণত ব্যাপক চৰ্চা হোৱাও দেখিবলৈ পোৱা গৈছিল ।