মৰাণ,16 মাৰ্চ: নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে যদিও মাহমৰাত কংগ্ৰেছত ব্যাপক খহনীয়াৰ সৃষ্টি হৈছে । মাহমৰাৰ কংগ্ৰেছ প্ৰাৰ্থী সূৰুজ দিহিঙীয়াই দলৰ ভেটি শক্তিশালী কৰি নিজৰ ভোট বৃদ্ধি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ কিন্তু সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী মন্ত্ৰী যোগেন মহনৰ ৰাজনৈতিক কৌশলে কংগ্ৰেছৰ ৰণকৌশলত খেলিমেলিৰ সৃষ্টি কৰিছে ।
![মাহমৰাত পুনৰ কংগ্ৰেছত খহনীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8046to8049-congressmembersjoinedinbjpinpresenceofministerjogenmohanatmahmora-as10031_16032021202355_1603f_1615906435_788.jpg)
প্ৰতিদিনে কংগ্ৰেছ দলৰ কৰ্মীয়ে যোগ দিছে বিজেপিত । বুধবাৰেও ডবা গাওঁ পঞ্চায়তৰ অন্তৰ্গত জজলী পুখুৰীৰ ৫ নং ৱাৰ্ডৰ কংগ্ৰেছ দলৰ ৱাৰ্ড সদস্য বুলেট তিৰিয়াৰ লগতে বহু যুৱকে বিজেপি দলত যোগদান কৰে । মন্ত্ৰী যোগেন মহনে দলীয় গামোচা পিন্ধাই দললৈ উষ্ম আদৰণি জনাই কংগ্ৰছ কৰ্মীসকলক ।
![মাহমৰাত পুনৰ কংগ্ৰেছত খহনীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8046to8049-congressmembersjoinedinbjpinpresenceofministerjogenmohanatmahmora-as10031_16032021202355_1603f_1615906435_7.jpg)