মৰাণ, 17 ডিচেম্বৰ: বুধবাৰে মাহমৰা ডবা পঞ্চায়তৰ পৰছনি গাঁৱৰ অৰ্ধশতাধিক কংগ্ৰেছ দলৰ পুৰুষ মহিলাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগে লগে মাহমৰা সমষ্টিত কংগ্ৰেছ দল অস্তিত্বহীন হোৱাৰ দিশে আগবঢ়াৰ আশংকা কৰা হৈছে ৷ বুধবাৰে মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত এইসকল কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰি বিজেপিত যোগদান কৰে ৷ মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই যোগদান কাৰ্যসূচীত মন্ত্ৰী গৰাকীয়ে সকলোকে ভাৰতীয় জনতা পাৰ্টীৰ গামোচা পিন্ধাই দললৈ আদৰণি জনায় ৷
![congress member joined in bjp in presence of minister jogen mohan at mahmora](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-801to804-congressmemberjoinedinbjpinpresenceofministerjogenmohanatmahmora-as10031_17122020093008_1712f_1608177608_441.jpg)
2021 ৰ বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত প্ৰতিদিনেই বহু কংগ্ৰেছ কৰ্মীয়ে দল ত্যাগ কৰা পৰিলক্ষিত হৈছে ৷ কংগ্ৰেছ দলৰ কৰ্মীসকলে দল ত্যাগ কৰাৰ পৰিৱৰ্তে ৰাজ্যজুৰি শাসক দল বিজেপিয়ে অধিক তৎপৰতাৰে দলীয় ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰখা দেখা গৈছে ৷ কিন্তু বিজেপি দলৰ এই তৎপৰতাৰ বিপৰীতে মাহমৰা সমষ্টিত কংগ্ৰেছ দলৰ কোনো তৎপৰতা পৰিলক্ষিত হোৱা নাই ৷
লগতে পঢ়ক:টাই আহোম যুৱ পৰিষদৰ দুই ফৈদৰ মাজত তুংগত উঠিছে সংঘাত