মৰাণ,৬ মাৰ্চ: অৱশেষত শাসকীয় দল বিজেপিয়ে ৭০ টা বিধানসভা সমষ্টিৰ চূড়ান্ত প্ৰাৰ্থী তালিকা ঘোষণা কৰে । বিজেপিয়ে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিলে যদিও কংগ্ৰেছ দলে এতিয়ালৈ আনুষ্ঠানিকভাৱে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা নাই । তথাপিও ৰাজ্যৰ আন আন সমষ্টিসমূহৰ দৰে মৰাণতো কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰসকলে সাংগঠনিক কাম-কাজ কৰি থকাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ।
![কংগ্ৰেছৰ সাংগঠনিক সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-805to807-congressmeetingattiloijanteaestatemoran-as10031_06032021092532_0603f_1615002932_781.jpg)
শুকুৰবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুণবাৰী মণ্ডলৰ ১৬৮ নং বুথৰ তিলৈজান চাহ বাগিচাৰ বৰলাইনত কংগ্ৰেছৰ এখন সাংগঠনিক সভা অনুষ্ঠিত হয় । উক্ত সভাত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ পুত্ৰ তথা যুৱ কংগ্ৰেছী নেতা প্ৰাঞ্জল ঘাটোৱাৰ, বুথ কমিটিৰ সভাপতি উলিয়াম কুমাৰ আৰু সাধাৰণ সম্পাদক সঞ্জয় উৰাঙৰ লগতে মণ্ডল তথা মজদুৰ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া আৰু কৰ্মীসকল উপস্থিত থাকে ।
![মৰাণৰ তিলৈজান চাহ বাগিছাত কংগ্ৰেছৰ সাংগঠনিক সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-805to807-congressmeetingattiloijanteaestatemoran-as10031_06032021092532_0603f_1615002932_735.jpg)
উল্লেখ্য যে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ আৰু মৰাণৰ প্ৰাক্তন বিধায়িকা জীৱনতাৰা ঘাটোৱাৰৰ পুত্ৰ হোৱাৰ বাবেই পুনৰ প্ৰাঞ্জল ঘাটোৱাৰে মৰাণত টিকট পোৱাৰ সম্ভাৱনা আছে ৷ মৰাণৰ বহু কংগ্ৰেছ কৰ্মীয়ে ঘাটোৱাৰৰ এনে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰোধিতা কৰি আহিছে ।