ETV Bharat / state

টিংখাঙত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি - টিংখাঙত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়

বিজেপিক উফৰাই কংগ্ৰেছক প্ৰতিষ্ঠা কৰাৰ লক্ষ্য এতোৱা মুণ্ডাৰ ৷ দুদিন পূৰ্বে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাই ৰাজগড়ত মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ বিপৰীতে টিংখাঙৰ নিলমনীত কংগ্ৰেছ দলৰো নিৰ্বাচন কাৰ্যালয় মুকলি ৷

congress inaugurated its election office at tingkhong
টিংখাঙত কংগ্ৰেছৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি
author img

By

Published : Mar 13, 2021, 11:25 AM IST

টিংখাং, 13 মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত গৰম হৈ পৰিছে নিৰ্বাচনী বতাহ ৷ বেলেগ বেলেগ নিৰ্বাচনী ৰণকৌশল তৈয়াৰ কৰি প্ৰত্যেক ৰাজনৈতিক দল নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ বিজেপিক উফৰাই কংগ্ৰেছ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যেৰে শুকুৰবাৰে কংগ্ৰেছ দলে টিংখাঙৰ নিলমনীত সমষ্টিটোৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷

কংগ্ৰেছ দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধন কৰি এতোৱা মুণ্ডাই কয় যে, টিংখাঙৰ পৰা বিজেপিক উফৰাই কংগ্ৰেছে পুনৰ নিজৰ শাসন প্ৰতিষ্ঠা কৰিব ৷ পূৰ্বেই কংগ্ৰেছ চৰকাৰে কৰা কাম সমূহৰ উপৰত বিধায়ক বিমল বৰাই ৰঙ সানি বাহঃ বাহঃ লোৱা বুলি অভিযোগ কৰি মুণ্ডাই বিজেপিৰ বিগত পাঁচ বছৰীয়া শাসনত টিংখাঙবাসী ৰাইজ অতীষ্ঠ হৈ পৰিছে বুলি দাবী কৰি ৰাইজে এইবাৰ পুনৰ কংগ্ৰেছক শাসনত অধিষ্ঠিত কৰিব বুলি মন্তব্য কৰে ৷

congress inaugurated its election office at tingkhong
বিজেপিক উফৰাই কংগ্ৰেছ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য এতোৱা মুণ্ডাৰ

উল্লেখ্য যে, দুদিন পূৰ্বে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিমল বৰাই ৰাজগড়ত মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰি নিৰ্বাচনী প্ৰচাৰত নামি পৰাৰ পাছতে শুকুৰবাৰে বিৰোধী কংগ্ৰেছেও টিংখাঙৰ নিলমনীত সমষ্টিটোৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ৷

কংগ্ৰেছৰ প্ৰাৰ্থী এতোৱা মুণ্ডাই উদ্বোধন কৰা অনুষ্ঠানত ব্লক কংগ্ৰেছৰ সভাপতি ৰমেশ চাংমাই, চিপিআইএম এলৰ নেতা বলিন্দ্ৰ শইকীয়া, বিতোপন বকলীয়াল, অসম সংগ্ৰামী মঞ্চৰ দিলীপ ভঁৰালী আদিৰ লগতে দলীয় কৰ্মকতা সকল উপস্থিত থাকে ৷

লগতে পঢ়ক: মৰাণত চক্ৰধৰ গগৈৰ হৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.