মৰাণ, 19 ফেব্ৰুৱাৰী: বৃহত্তৰ ডিব্ৰুগড় প্ৰেছক্লাবত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত ডিব্ৰুগড়ৰ পৰা বদলি হোৱা ডিব্ৰুগড়ৰ জিলাৰ তথ্য আৰু জনসংযোগ বিষয়া সুলক্ষনা মিথি কছাৰীক সম্বৰ্ধনা জনোৱা হয় । সাংবাদিক যাদৱ গগৈয়ে আঁত ধৰা অনুষ্ঠানত ক্লাবৰ সভাপতি তথা অসম আদিত্য কাকতৰ কাৰ্যবাহী সম্পাদক মনজিৎ বৰাই কয় যে, সুদীর্ঘ সময়ৰ বাবে ডিব্ৰুগড় জিলাৰ তথ্য আৰু জনসংযোগ বিষয়াৰ পদত অধিষ্ঠিত হৈ থাকি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ লগতে ডিব্ৰুগড়ৰ সংবাদ-জগতখনৰ সৈতে যি আন্তৰিকতাপূর্ণ সহযােগিতা আগবঢ়াই গ'ল তাৰবাবে সকলোৱে কৃতজ্ঞ হৈ ৰ'ব।
আনহাতে, প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁইয়ে কয় যে, এগৰাকী চৰকাৰী বিষয়া হিচাপে সীমাবদ্ধতাৰ মাজত থাকিও আত্মদক্ষতা আৰু পাৰদৰ্শিতা প্রদর্শনেৰে বিভাগীয় কাম-কাজ চলাই গৈছিল যাৰ জৰিয়তে সহস্ৰজনৰ বাবে কর্মপ্রেৰণাৰ উৎস হৈ ৰ'ব বিষয়া গৰাকী । বিগত চাৰি বছৰত সুদক্ষ পৰিচালনা আৰু নেতৃত্বৰ বাবেই ডিব্ৰুগড় জিলা তথ্য আৰু জনসংযােগ বিভাগে শেহতীয়াকৈ ৰাজ্যখনৰ ভিতৰতে শ্রেষ্ঠ কার্যালয়ৰ আনুষ্ঠানিক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে । ক্লাবৰ হৈ ফুলাম গামোছা, জাপি আৰু প্ৰশস্তি পত্ৰৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয় বিষয়া গৰাকীক।
লগতে পঢ়ক: কুইপ’ৰ অপহৃত ২ বিষয়াৰ মুক্তিৰ প্ৰসংগত মুখ খুলিলে মুখ্যমন্ত্ৰীয়ে