ETV Bharat / state

লাহোৱালত জাতিয়তাবাদী মহিলা পৰিষদৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন

জাতিয়তাবাদী মহিলা পৰিষদৰ অধিৱেশনত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান ৷

author img

By

Published : Nov 17, 2021, 12:50 PM IST

conference of jatiyota badi mohila parishad at lahowal
জাতিয়তাবাদী মহিলা পৰিষদৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন

ডিব্ৰুগড়, 17 নৱেম্বৰ : বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ লাহোৱালত জাতিয়তাবাদী মহিলা পৰিষদৰ দ্বিতীয় বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি ঘটে ৷ বিভিন্ন গণ্য-মান্য ব্যক্তিৰ সমাগমেৰে অধিৱেশনখনিৰ শোভা বৰ্ধন হয় ৷ জাতিয়তাবাদী মহিলা পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভানেত্ৰী ৰৌজলিন গগৈৰ সভাপতিত্বত এখনি মুকলি সভাও অনুষ্ঠিত হয় এই অধিৱেশনত ৷

conference-of-jatiyota-badi-mohila-parishad-at-lahowa
লাহোৱালত অনুষ্ঠিত হৈ যায় জাতিয়তাবাদী মহিলা পৰিষদৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন

সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, আট্ছা ডিব্ৰুগড় জিলা সম্পাদক লক্ষীন্দৰ কুৰ্মী, লেখিকা সুৰজিতা সন্দিকৈ গগৈ, মীনাক্ষী দাস বৰুৱা, আট্ছা লাহোৱাল শাখাৰ সভাপতি অজয় দাস, যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক দিগন্ত কাকতি, ডিব্ৰুগড় জিলাৰ সভাপতি ৰাতুল গগৈকে ধৰি মহিলা আৰু যুৱ পৰিষদৰ কৰ্মীসকলে অংশগ্ৰহণ কৰে ৷

অনুষ্ঠানত জাতীয়তাবাদী মহিলা পৰিষদ অসমৰ মুখপত্ৰখনি উন্মোচন কৰে লাহোৱাল প্ৰেছ ক্লাৱৰ সভাপতি মুক্তামণি হাজৰিকাই ৷ ইফালে একে অনুষ্ঠানতে লাহোৱালৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক কনৌজ শইকীয়াক জাতীয়তাবাদী মহিলা পৰিষদৰ তৰফৰ পৰা মানপত্ৰ, ফুলাম গামোচা, শৰাই আৰু অন্যান্য উপহাৰেৰে সম্বৰ্ধনা জনোৱা হয় ৷ অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে জাতীয়তাবাদী চিন্তা চেতনা শক্তিশালী বৃদ্ধি কৰিবৰ বাবে কেনেধৰণৰ প্ৰদক্ষেপ গ্ৰহণ কৰিব, সেই সম্পৰ্কত মতামত আগবঢ়ায় ৷

লগতে চাওক : ৰাজনৈতিক পৰিধিৰ উৰ্ধত থাকি জাতীয় সমস্যাৰ বিৰুদ্ধে মাৰ বান্ধি ঠিয় হ’ব প্ৰাক্তন আছু কৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.