ETV Bharat / state

বিশিষ্ট সমাজকৰ্মী, লেখিকা ভোগেশ্বৰী মেচৰ পৰলোক

author img

By

Published : Jan 17, 2021, 6:13 PM IST

টিংখাং সমষ্টিৰ লোক সংস্কৃতিৰ সাধক, বিশিষ্ট সমাজকৰ্মী, লেখিকা বিষ্ণু প্ৰসাদ ৰাভাৰ সহযোগী ভোগেশ্বৰী মেচৰ বিয়োগ । বহু ঐতিহাসিক আন্দোলনতো আগভাগ লোৱা ভোগেশ্বৰী মেচৰ বিয়োগত অঞ্চলজুৰি শোকৰ ছাঁ ।

বিশিষ্ট সমাজকৰ্মী, লেখিকা ভোগেশ্বৰী মেচৰ পৰলোক
বিশিষ্ট সমাজকৰ্মী, লেখিকা ভোগেশ্বৰী মেচৰ পৰলোক

ডিব্ৰুগড়, ১৭ জানুৱাৰী : টিংখাং সমষ্টিৰ শালমাৰী গেলাদিচাঙৰ মুক্তি যুদ্ধা তথা জনপ্ৰিয় সমাজবাদী নেতা প্ৰয়াত হৰিকান্ত মেচৰ সহধৰ্মনী তথা টিংখাঙৰ লোক সংস্কৃতিৰ সাধক, বিশিষ্ট সমাজকৰ্মী, লেখিকা বিষ্ণু প্ৰসাদ ৰাভাৰ সহযোগী ভোগেশ্বৰী মেচে দেওবাৰে নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯১ বছৰ । ১৯৩০ চনত জন্মগ্ৰহণ কৰা ভোগেশ্বৰী মেচে ওৰে জীৱন সমাজ সেৱাৰ সৈতে জড়িত হৈ সমাজ জীৱনলৈ আগবঢ়াই গৈছিল অনবদ্য অৱদান । ধমন উচ্চ মাধ্যমিক বিদ্যালয়, শালমাৰী ডাকঘৰ , শালমাৰী মজলীয়া বিদ্যালয়, শালমাৰী স্বাস্থ্য কেন্দ্ৰকে আদি কৰি অনেক অনুষ্ঠান প্ৰতিষ্ঠান আদি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল এইগৰাকী সমাজ সচেতন মহিলাই । তদুপৰি এইগৰাকী মহিলাই সেই সময়ত ভাষা আন্দোলন, অসম সমবায় আন্দোলন, খাদ্য আন্দোলন, চাহ, বেংক, তেল সম্পদ ৰাষ্ট্ৰীয়কৰণ, শোধনাগাৰ আন্দোলন, বিদেশী বহিস্কাৰ আন্দোলন আদিত পূৰ্ণ সহযোগিতা আগবঢ়াইছিল । ইয়াৰোপৰি বহু ঐতিহাসিক আন্দোলনতো আগভাগ লৈছিল ।

কেৱল ইমানেই নহয় টিংখাং আঞ্চলিক মহিলা সমিতিৰ সৈতে সমাজবাদী দলৰ পঞ্জাৱ, দিল্লী আদিৰ কেন্দ্ৰীয় সভাত অসমৰ হৈ প্ৰতিনিধিত্বও কৰিছিল । সাহিত্য, সংস্কৃতিৰ ক্ষেত্ৰখনতো নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰি সকলোকে আদৰ্শৰ পথ দেখুৱাই অহা অনেক প্ৰতিভাধৰ এইগৰাকী মহিলাৰ মৃত্যুত সমগ্ৰ টিংখাঙতে গভীৰ শোকৰ ছাঁ বিৰাজ কৰিছে ।

ভোগেশ্বৰী মেচৰ মৃত্যুৰ খবৰ বিয়পাৰ লগে লগে অলেখ গুণমুগ্ধ, ৰাইজৰ লগতে একাধিক দল সংগঠনৰ লোক আহি তেখেতৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

লগতে পঢ়ক: গোলাঘাটত কেন্দ্ৰীয়ভাৱে উদযাপন শিল্পী দিৱস

For All Latest Updates

TAGGED:

AS10071
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.