ETV Bharat / state

ঈদৰ প্ৰাকক্ষণত ডিব্ৰুগড়ত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মিলন

author img

By

Published : May 24, 2020, 7:30 PM IST

ডিব্ৰুগড়ৰ লালুকা গাঁৱৰ কুমাৰণীছিগা আৰু বৰপথাৰত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মিলন ৷ বৰপথাৰৰ হিন্দু যুৱকে মছজিদৰ দেৱালত বেনাৰ আঁৰি দি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে কুমাৰণীছিগাত বাস কৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলক ৷ পূৰ্বৰে পৰাই দুয়োটা সম্প্ৰদায়ৰ মাজত এই মিলনৰ ধাৰা অব্যাহত আছে বুলি জানিব পৰা গৈছে ৷

ডিব্ৰুগড়ত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ মিলন

ডিব্ৰুগড়, 24 মে’: পবিত্ৰ ঈদৰ প্ৰাকক্ষণত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ ঐক্যতা দেখা গ'ল ডিব্ৰুগড়ত। ডিব্ৰুগড়ৰ লালুকা গাঁৱৰ কুমাৰণীছিগা আৰু বৰপথাৰত দেওবাৰে হিন্দু যুৱকে মছজিদৰ দেৱালত বেনাৰ আঁৰি দি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ উল্লেখ্য যে, লালুকাৰ অধিকাংশ লোক ইছলাম ধৰ্মাৱলম্বী হোৱাৰ বিপৰীতে কুমাৰণীছিগা বৰপথাৰত অধিকাংশ হিন্দু ধৰ্মাৱলম্বী লোকে বসবাস কৰে ।

জানিব পৰা মতে, লালুকা গাঁৱৰ একাংশ যুৱকেও কুমাৰণীছিগা বৰপথাৰত আয়োজিত পূজা-পাৰ্বনে শুভেচ্ছা জনায় আৰু হাতে-কামে লাগি উদযাপন কৰে পূজা-উৎসৱ ।

লগতে পঢ়ক: বাৰিষাৰ প্ৰথমটো বানত প্লাৱিত গোৱালপাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.