ETV Bharat / state

অসমীয়া কৃষ্টি-সংস্কৃতিৰ বৰ্ণিল সমাহাৰেৰে মুখৰিত টিংখাঙৰ ৰাজপথ

author img

By

Published : Sep 3, 2022, 6:30 PM IST

টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী উলিওৱা হয় (colourful procession of Tingkhang college) ।

Tingkhang
Tingkhang

মৰাণ, ৩ ছেপ্টেম্বৰ : অসমীয়া কৃষ্টি-সংস্কৃতিৰ বৰ্ণিল সমাহাৰেৰে মুখৰিত হ'ল টিংখাঙৰ ৰাজপথ (colorful blend of Assamese culture in Tingkhang) । শনিবাৰে গুৰু দুজনাৰ অমৰ সৃষ্টি গায়ন-বায়ন, ভাওনা, অসমীয়া পৰম্পৰাগত বিয়া, কৃষি পদ্ধতি, মৎস্য চিকাৰ, বিহু আদি অসমীয়া কৃষ্টি-সংস্কৃতিৰ লগতে নেপালী, ভোজপুৰী আদি বিভিন্ন জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতি প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰে টিংখাঙৰ ৰাজপথ (Tingkhang college Golden Jubilee Closing ceremony) ।

অসমীয়া কৃষ্টি-সংস্কৃতিৰ বৰ্ণিল সমাহাৰেৰে মুখৰিত টিংখাঙৰ ৰাজপথ

উল্লেখযোগ্য যে টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণী অনুষ্ঠানৰ লগত সংগতি ৰাখি এনেদৰে এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী উলিওৱা হয় (colourful procession of Tingkhang college) ।

বিগত ১ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত টিংখাং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণী অনুষ্ঠানৰ আজি অন্তিম দিনৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰাৰ দ্বাৰা আৰ‌ম্ভ হয় । উক্ত জাকতজিলিকা সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত মহাবিদ্যালয়খনৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, স্থানীয় দল-সংগঠনকে ধৰি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে (Tingkhang college Golden Jubilee) ।

লগতে পঢ়ক :সদৌ অসম ভিত্তিক ভৱেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ আৰম্ভণি

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.