মৰাণ, 18 নৱেম্বৰঃ মঙলবাৰে বৰপেটাত কেইবাটও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হৈছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ইয়াৰ পৰা পোনে পোনে ডিব্ৰুগড়লৈ উৰা মাৰিছিল মুখ্যমন্ত্ৰী সোণোৱাল ৷ কিন্তু হঠাৎ আকাশ মাৰ্গতে সৃষ্টি হয় এক অভাৱনীয় পৰিস্থিতি ৷ প্ৰতিকুল বতৰৰ বাবে প্ৰায় 45 মিনিট সময় আকাশ মাৰ্গতে ঘূৰি ফুৰে মুখ্যমন্ত্ৰী অহা বায়ুসেনাৰ বিশেষ হেলিকপ্তাৰখন ৷ ধুমুহা আৰু বিজুলী ঢেৰেকণি প্ৰৱল হোৱা বাবে বিমানখন নিয়ন্ত্ৰণত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় দুয়োগৰাকী পাইলট ৷
ইয়াৰ পিছতেই ডিব্ৰুগড়ত উপস্থিত হোৱা মুখ্যমন্ত্ৰী সোণোৱালক সাক্ষাৎ কৰি লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়, ‘কেৱল ভগৱান আৰু ৰাইজৰ আশীৰ্বাদৰ বাবে প্ৰাণ ৰক্ষা পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ হেলিকপ্তাৰৰ অথন্তৰৰ সময়ত প্ৰায় 30 মিনিট সময় হেলিকপ্তাৰতে ধ্যানত বহি ভগৱানৰ উপাসনা কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনকি ভগৱানক ধ্যানত লৈয়ে মোহনবাৰীৰ নিজ বাসগৃহ পাইছিলহি মুখ্যমন্ত্ৰী সোণোৱাল ৷’
কিন্তু এইক্ষেত্ৰত ডিব্ৰুগড় বিমান বন্দৰৰ বিৰুদ্ধেও উত্থাপিত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন ৷ ডিব্ৰুগড় বিমান বন্দৰত বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা পোৱা নাছিল নেকি বতৰৰ আগজাননী ? প্ৰবল ধুমুহা বৰষুণৰ উপৰিও আৰু নিশাৰ ভাগত অৱতৰণৰ কিয় অনুমতি দিয়া হৈছিল হেলিকপ্তাৰখন? ভৱিষ্যত যাতে এনে অথন্তৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱাই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী কৰিছে। আজি ডিব্ৰুগড়ৰ নৱনিৰ্মিত বাইপাছ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷
লগতে পঢ়ক-আপুনি ব্ৰাহ্মী শাক গ্ৰহণ কৰেনে ? জানি লওক ইয়াৰ উপকাৰিতাসমূহ