ETV Bharat / state

ডিব্ৰুগড় আৰু নামৰূপ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - সৰ্বানন্দ সোণোৱাল

COVID-19ৰ ফলত সৃষ্টি হোৱা বিভিন্ন বিষয় সন্দৰ্ভ আলোচনা তথা পৰিদৰ্শনৰ বাবে বৃহস্পতিবাৰে ডিব্ৰুগড় আৰু নামৰূপত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

cm sarbananda sonowal visited dibrugarh and namrup

author img

By

Published : May 1, 2020, 10:53 AM IST

Updated : May 1, 2020, 10:58 AM IST

ডিব্ৰুগড়, 1 মে': লক্ ডাউনৰ ফলত ভিন্ন ক্ষেত্ৰৰ লগতে লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ চাহ উদ্যোগ । এনে সময়তে এই উদ্যোগটোলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে সামান্য সকাহ । অসমৰ 409 খন চাহ বাগিছাত অসম গেছ কোম্পানীয়ে যোগান ধৰা গেছৰ, নূন্যতম চাহিদা নিৰিখ ৰেহাই দিয়াৰ নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । বৃহস্পতিবাৰে দুলীয়াজানত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

ডিব্ৰুগড় পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

দুলীয়াজানস্থিত অসম গেছ কোম্পানীৰ প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে সন্ধিয়া গেছ কোম্পানীৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে হোৱা এক আলোচনাৰ অন্তত এই নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । মুখ্যমন্ত্ৰীৰ সৈতে হোৱা এই আলোচনাত, অসম গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া, উপাধ্যক্ষ ইন্দ্ৰ গগৈ, পৰিচালনা সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী, বিধায়ক ক্ৰমে তেৰচ গোৱালা, নৰেন সোণোৱাল, বিমল বৰা, উপায়ুক্ত পল্লৱ গোপাল ঝাকে ধৰি কোম্পানীটোৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে ।

নাহৰকটীয়াঃ আনহাতে বৃহস্পতিবাৰে দিনৰ ভাগত নামৰূপতো উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । স্থানীয় বিধায়ক নৰেন সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰীয়ে পোনতে উপস্থিত হয় নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰত । কেন্দ্ৰটোত চলি থকা ৰিভাম্পেছন প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাচত তেওঁ নিলগতে থকা নামৰূপৰ আছাম পেট্ৰ'কেমিকেলছ লিমিটেড নামৰ চৰকাৰী উদ্যোগটোও পৰিদৰ্শন কৰে ।

নামৰূপ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

উল্লেখ্য যে, আছাম পেট্ৰ'কেমিকেলছৰ নতুন সংযোগী উদ্যোগে শেহতীয়াকৈ উৎপাদন আৰম্ভ কৰাৰ কথা আছিল যদিও, লক্ ডাউনৰ বাবে ৰাসায়নিক উদ্যোগটোলৈ নামি আহিছে অনিশ্চয়তা । মুখ্যমন্ত্ৰী সোণোৱালে দুয়োটা প্ৰতিষ্ঠানেই সন্মুখীন হোৱা প্ৰত্যাহ্বান সম্পৰ্কে কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰে । আনহাতে বহিঃৰাজ্যত থকা অসমৰ লোকসকলক উভতাই অনাৰ ক্ষেত্ৰতো চৰকাৰে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে বুলিও উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ।

লগতে পঢ়কঃ লক্​ ডাউনঃ আছাম কেয়াৰে সহায় কৰিব বহিঃৰাজ্যত আৱদ্ধ অসমীয়াক

Last Updated : May 1, 2020, 10:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.