ETV Bharat / state

গৃহ চহৰ চাবুৱাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Dec 21, 2020, 10:03 AM IST

দেওবাৰে গৃহ চহৰ চাবুৱাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গৃহ ভূমিত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ জন্মস্থান চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱলৈ গৈ গৰাখহনীয়া ৰোধৰ বাবে অব্যাহত থকা পাৰ্কুপাইনৰ কাম পৰিদৰ্শন কৰে ৷

As_Moran_CM_visit_Chabua _vis_10031
গৃহ চহৰ চাবুৱাত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মৰাণ,21ডিচেম্বৰঃদেওবাৰে গৃহ চহৰ চাবুৱাত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ গৃহ ভূমিত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ জন্মস্থান চাবুৱাৰ বিন্ধাকটা মুলুক গাঁৱলৈ গৈ গৰাখহনীয়া ৰোধৰ বাবে অব্যাহত থকা পাৰ্কুপাইনৰ কাম পৰিদৰ্শন কৰে ৷ তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিবছৰেই বানত বিধ্বস্ত হোৱা গুইজানৰ পৰা ৰহমৰীয়া পৰ্যন্ত গৰাখহনীয়াৰ ৰোধৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰাৰ কথা সংবাদমাধ্যমৰ আগত ঘোষণা কৰে ৷ ইপিনে,বান বিধ্বস্ত ৰাইজৰ পুনৰ সংস্থাপনৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱাৰ কথা উল্লেখ কৰি সেইসমূহ পৰ্যায়ক্ৰমে কাৰ্যকৰী কৰা হ'ব বুলিও কয় মুখ্যমন্ত্ৰী গৰাকীয়ে।

আনহাতে জন্মস্থান বিন্দাকটা মুলুক গাঁৱত Wildlife Health and Research শীৰ্ষক এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানো স্থাপন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়কঃ ক'ৰণা ভাইৰাছৰ নতুন লক্ষণ সন্দৰ্ভত উচ্চস্তৰীয় বৈঠকৰ আহ্বান স্বাস্থ্য মন্ত্ৰণালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.