ETV Bharat / state

হৰ্ছ ট্ৰেডিঙ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিক্ৰিয়া - assam poll

অসমত পুনৰ বিজেপিৰ চৰকাৰ হ'ব বুলি এশ শতাংশ নহয় বৰঞ্চ এহাজাৰ শতাংশ নিশ্চিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ মৰাণত উপস্থিত হৈ এই মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ ৷ হৰ্ছ ট্ৰেডিঙৰ প্ৰসংগ পোনছাটেই নাকচ কৰি কংগ্ৰেছ দলে হতাশগ্ৰস্ত হৈ এনেধৰণৰ কূটকৌশল ৰছনা কৰিছে বুলি অভিযোগ সোণোৱালৰ ৷

cm sarbananda sonowal reacts to the issue of horse trading
হৰ্ছ ট্ৰেডিঙ সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিক্ৰিয়া
author img

By

Published : Apr 10, 2021, 9:17 PM IST

মৰাণ, 10 এপ্ৰিল: "আমি ইতিমধ্যে মেজিক ফিগাৰ অতিক্ৰম কৰিছো ৷ হৰ্ছ ট্ৰেডিঙৰ কোনো কথা আহি পৰা নাই ৷ এই কথা এশ শতাংশ নহয়, এহাজাৰ শতাংশ নিশ্চিত যে, অসমত পুনৰ বিজেপিৰ চৰকাৰ হ'ব ৷ " শনিবাৰে মৰাণত উপস্থিত হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই মন্তব্য কৰে ৷ শুকুৰবাৰে কংগ্ৰেছ মহাজোঁটৰ সহযোগী এআইইউডিএফৰ 22 গৰাকীকৈ বিধায়ক প্ৰত্যাশী জয়পুৰৰ হোটেল ফেয়াৰমন্টত উপস্থিত হোৱাৰ লগে লগে হৰ্ছ ট্ৰেডিঙৰ প্ৰসংগই ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লগোৱাৰ পাছতে এই সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে মন্তব্য কৰে ৷

হৰ্ছ ট্ৰেডিঙৰ প্ৰসংগ পোনছাটেই নাকচ মুখ্যমন্ত্ৰী সোণোৱালৰ

অসমৰ ৰাইজে হিয়া উজাৰি বিজেপিক ভোট দিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বিজেপি আৰু ইয়াৰ মিত্ৰজোঁটৰ দলসমূহে অংক কৰি নিৰ্বাচনত যিমান আসন লাভ কৰিম বুলি মন্তব্য কৰিছে, সেই সংখ্যাতকৈও বেছি আসন লাভ কৰি বিজেপি দলে অসমত চৰকাৰ গঠন কৰাটো খাটাং ৷ হৰ্ছ ট্ৰেডিঙৰ প্ৰসংগ সম্পূৰ্ণৰূপে নস্যাৎ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, প্ৰকৃতাৰ্থত কংগ্ৰেছ দল হতাশগ্ৰস্ত হৈছে আৰু সেয়ে তেওঁলোকে এনেধৰণৰ প্ৰসংগ আনি মানুহৰ মনত সজীৱ হৈ থকাৰ উদ্দেশ্যে এনে ধৰনৰ কূটকৌশল ৰছনা কৰিছে ৷

লগতে পঢ়ক: পশ্চিমবংগৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ শেহতীয়া তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.