ডিব্ৰুগড়, 2 জুলাই : নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাত সংঘটিত হোৱা লজ্জাজনক ঘটনাক লৈ ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই লজ্জাজনক ঘটনা সংঘটিত কৰাৰ পাছতে পলাতক অৱস্থাত আছে অভিযুক্ত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয় ৷ বিমান ৰয়ক বিচাৰি ইতিমধ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷
এই ঘটনাক লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীয়ে কয় যে, অভিযুক্ত আৰক্ষী বিষয়া বিমান ৰয় খুব বেছি এটা মাহ পলাব ৷ তাৰ পাছতে নিজে নিজেই আত্মসমৰ্পণ কৰিব বুলি কয় মুখ্যমন্ত্ৰীজনে ৷ উল্লেখযোগ্য যে POCSO আইনৰ অধীনত গোচৰ ৰুজু হৈছে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে ৷ এগৰাকী কিশোৰীক থানাৰ ভিতৰতে নগ্ন অৱস্থাত ফটো তোলাৰ অভিযোগ উত্থাপন হৈছিল ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে ৷ ইয়াৰ পাছতে থানাত বিষয়াগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী কিশোৰীগৰাকীয়ে ৷
ঘগ্ৰাপাৰ আৰক্ষী থানাত সংঘটিত হোৱা ঘটনাই লজ্জানত কৰিছে অসম আৰক্ষীক ৷ থানাৰ ভিতৰতে কিশোৰীৰ আপত্তিজনক ফটো লোৱাৰ অভিযোগ উঠিছিল বিমান ৰয়ৰ বিৰুদ্ধে ৷ ইয়াৰ পাচতে সমগ্ৰ বিষয়টোক লৈ তৎপৰ হৈ পৰে অসম আৰক্ষী ৷ গ্ৰহণ কৰিছে এটাৰ পিছত আনটো পদক্ষেপ ৷ অভিযোগ অনুসৰি মাজনিশা থানাৰ ভিতৰতে আটকাধীন এগৰাকী কিশোৰীক কাপোৰ খুলিবলৈ বাধ্য কৰিছিল পলাতক আৰক্ষী বিষয়া বিমান ৰয়ে ৷ কিন্তু কিশোৰীগৰাকীয়ে কাপোৰ খুলিবলৈ অমান্তি হোৱাত আৰক্ষী বিষয়াজনে কিশোৰী গৰাকীক আক্ৰমণৰ ভাবুকি দিছিল ৷ যাৰ বাবে কিশোৰীগৰাকীয়ে কাপোৰ খুলিবলৈ বাধ্য হৈছিল আৰু উলংগ অৱস্থাত কিশোৰীগৰাকীৰ ফটো তুলিছিল আৰক্ষী বিষয়াজনে ৷
পৰৱৰ্তী সময়ত ভুক্তভোগী কিশোৰীগৰাকীয়ে নলবাৰী সদৰ আৰক্ষী থানাত ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ কিশোৰীগৰাকীয়ে লগতে নলবাৰী জিলা আৰক্ষী অধীক্ষককো এই নিকৃষ্ট ঘটনা সম্পৰ্কে অৱগত কৰে ৷ সম্প্ৰতি পলাতক আৰক্ষী বিষয়া বিমান ৰয়ৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷
বিমান ৰয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপনৰ পাচতেই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইটযোগে তেওঁক নিলম্বন কৰাৰ লগতে পলাতক ঘোষণা কৰে ৷ তেওঁ লগতে বিমান ৰয়ৰ তথ্য লাভ কৰিলে নলবাৰীৰ আৰক্ষী অধীক্ষকক অৱগত কৰিবলৈ আহ্বান জনাই সন্ধান দিওঁতালৈ উপযুক্ত পুৰস্কাৰ ঘোষণা কৰে ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইটটোত উল্লেখ কৰা অনুসৰি বিমান ৰয়ৰ বিৰুদ্ধে POCSO আইনৰ 12/14(1) ধাৰাত গোচৰ ৰুজু কৰা হৈছে ৷