ETV Bharat / state

পৱন সিং ঘাটোৱাৰৰে বৈঠক সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ? - Paban Singh Ghatowar dinner with CM

জ্যেষ্ঠ কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰে বিজেপিত যোগদান কৰিব সৰৱ চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Paban Singh Ghatowar meets CM) এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ নিজকে পৱন সিং ঘাটোৱাৰৰ লগত অতি পুৰণি সম্পৰ্ক থকা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজনৈতিক মহলত চলা চৰ্চাক একপ্ৰকাৰে নাকচ কৰে ৷

Himanta Biswa Sarma reacts on meeting with Paban Singh Ghatowar
পৱন সিং ঘাটোৱাৰে বিজেপিত যোগদানৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?
author img

By

Published : Jan 5, 2022, 10:37 PM IST

মৰাণ, 5 জানুৱাৰী: মৰাণৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰে বিজেপিত যোগদান কৰিব বুলি সৰৱ চৰ্চা চলি থকাৰ সময়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘চৰকাৰী অনুষ্ঠানলৈ মাতিলেই পৱন সিং ঘাটোৱাৰ আহে । ডিব্ৰুগড়লৈ আহিলেই পৱন সিং ঘাটোৱাৰ মোৰ লগতে থাকে । ঘাটোৱাৰৰ লগত মোৰ বহুত দিনৰ সম্পৰ্ক । কিন্তু তেওঁৰ লগত কোনো ৰাজনৈতিক কথা নাপাতো’’ । লগতে মুখ্যমন্ত্ৰীয়ে কয় যে, এই বয়সত তেওঁক বিজেপিত যোগদান কৰিবলৈ অনুৰোধ কৰা নাই । কংগ্ৰেছ, চিপিএম সকলোতে ভাল মানুহ থাকিব লাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

পৱন সিং ঘাটোৱাৰে বিজেপিত যোগদানৰ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে ?

উল্লেখ্য যে, জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে মঙলবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে নৈশ আহাৰ গ্ৰহণ কৰিছিল (Paban Singh Ghatowar meets CM) ৷ ইয়াৰ পিছতেই পৱন সিং ঘাটোৱাৰে বিজেপিত যোগদান কৰাটো প্ৰায়েই নিশ্চিত বুলি ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছিল ৷

লগতে পঢ়ক: Paban Singh Ghatowar with CM : মুখ্যমন্ত্ৰীৰে কি আলোচনা কংগ্ৰেছী নেতা পৱন সিং ঘাটোৱাৰৰ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.