ETV Bharat / state

শ্ৰীমন্ত শংকৰদেৱে অসমত থকা ঠাইসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰিব চৰকাৰে : মুখ্যমন্ত্ৰী

নাহৰকটীয়াৰ ৰাঙলী পথাৰত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনৰ অন্তিম দিনা অধিৱেশনস্থলীত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (91st Annual Session of srimanta Sankardev Sangha) । অধিৱেশনত উপস্থিত থাকিবলৈ পাই যথেষ্ট আনন্দিত বুলি মত প্ৰকাশ মুখ্যমন্ত্ৰী গৰাকীৰ ৷

author img

By

Published : Feb 28, 2022, 8:34 AM IST

cm-himanta-biswa-sharma-present-at-srimanta-sankardev-sangha-annual-session
শ্ৰীমন্ত শংকৰদেৱে অসমত থকা সকলো ঠাই ৰাজ্য চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিবঃ মুখ্যমন্ত্ৰী

মৰাণ, 28 ফেব্ৰুৱাৰী : 'শ্ৰীমন্ত শংকৰদেৱে অসমত থকা সকলো ঠাই ৰাজ্য চৰকাৰে সংৰক্ষণৰ ব্যৱস্থা কৰিব' দেওবাৰে শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ অন্তিম দিনত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM present at Srimanta Sankardev Sangha annual session) ৷

উল্লেখ্য যে, নাহৰকটীয়াৰ ৰাঙলী পথাৰৰ ককা বাগ্মীবৰ নীলমণি ফুকন সমন্বয় ক্ষেত্ৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯১ সংখ্যক অধিৱেশন (91st Annual Session of srimanta Sankardev Sangha) ৷ দেওবাৰে এই অধিৱেশনৰ সামৰণি পৰে ৷

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ

অধিৱেশনথলীত শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে অনুপ্ৰাণিত দেশ-বিদেশৰ ভক্তসকল আহি ভিৰ কৰা পৰিলক্ষিত হয় (Srimanta Sankardev Sangha Adhiveshan at Naharkatia) ৷ আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত এই অধিৱেশনস্থলীৰ সামৰিক অনুষ্ঠানত দেওবাৰে অংশগ্ৰহণ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী শৰ্মাৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা বিশিষ্ট ব্যক্তিসকল এই অনুষ্ঠানত উপস্থিত থাকে ।

শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অংশগ্ৰহণ কৰিবলৈ পাই মুখ্যমন্ত্ৰীগৰাকী যথেষ্ট আনন্দিত হয় বুলি প্ৰকাশ কৰে ৷ সকলোকে শংকৰদেৱৰ আদৰ্শৰ সৈতে জীৱনত আগুৱাই যোৱাৰ প্ৰয়োজন আছে বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক : মানৱ সমাজে মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ গুৰুজনাই অমৰ বাণী দি গৈছে: সৰ্বানন্দ সোণোৱাল

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.