ETV Bharat / state

ডিব্ৰুগড়ক উন্নয়নৰ নতুন গতি প্ৰদানৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ - cm himanta bishwa sarma

ডিব্ৰুগড় চহৰক উন্নয়নৰ নতুন গতি প্ৰদানৰ উদেশ্যৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত গ্ৰহণ ৷ সবিশেষ জানো আহক ৷

cm himanta bishwa sarma to give new rise to development of dibrugarh
ডিব্ৰুগড়ক উন্নয়নৰ নতুন গতি প্ৰদানৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ
author img

By

Published : Oct 1, 2021, 10:29 PM IST

ডিব্ৰুগড়, 1 অক্টোবৰ : ধেমাজি কেবিনেট বৈঠকত ঐতিহ্যমণ্ডিত ডিব্ৰুগড় পৌৰসভাক পৌৰনিগম হিচাপে ঘোষণা কৰাৰ পাছতে ডিব্ৰুগড়ত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ধেমাজিৰ বৈঠকৰ পৰা পোনে পোনে ডিব্ৰুগড়ত নিশা কটাই পুৱাৰ পৰা কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে । গুৱাহাটীৰ পৌৰ নিগমত কৈ ডিব্ৰুগড়ক সৰ্বাংগ সুন্দৰ ৰূপত গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে মুখ্যমন্ত্ৰীয়ে ।

ডিব্ৰুগড়ক উন্নয়নৰ নতুন গতি প্ৰদানৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ

গুৱাহাটীৰ পৌৰনিগমৰ পাছতে ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ পৌৰসভাক ধেমাজি কেবিনেটত পৌৰনিগম হিচাপে ঘোষণা কৰি ডিব্ৰুগড়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ এই ঘোষণা । ডিব্ৰুগড়ত শুকুৰবাৰে দুখনকৈ গুৰুত্বপূৰ্ণ সেঁতুৰ নিৰ্মাণকাৰ্যৰ মাংগলিক শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়বাসীক দিলে এই আশ্বাস । ২০১৯-২০ বৰ্ষৰ ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ আঁচনিৰ অধীনত ডিব্ৰুগড় কনভয় ৰোড আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ ওপৰত প্ৰায় ৫০ কোটি টকাৰে বহু প্ৰত্যাশিত এখন উৰণীয়া সেঁতুৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উক্ত সভাতে ডিব্ৰুগড় পৌৰসভাক পৌৰ নিগমলৈ উন্নিত কৰি পৌৰ নিগমত আই এছ পৰ্যায়ৰ আয়ুক্ত নিযুক্ত হ'ব বুলি উল্লেখ কৰে । লগতে ডিব্ৰুগড়ত নিৰ্মাণ কৰা হ'ব বৃহৎ সভা গৃহ । য'ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সকলো বৃহৎ সভা সমিতি হ’ব । যিমান টকা ব্যয় হয় ৰাজ্য চৰকাৰে বহন কৰিব ।

ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ চহৰৰ পৰিৱৰ্তে উপকণ্ঠ অঞ্চলত নিৰ্মাণ কৰাৰ লগতে বৰ্তমান ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰ স্থান কলাক্ষেত্ৰলৈ পৰিণত কৰাৰ কথা অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ডিব্ৰুগড় জিলা পুথিভঁৰাল আৰু সভাগৃহটো শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে আটকধুনীয়া অডিটৰিয়াম গঢ়ি তুলিব বুলি কয় মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক : উপ-নিৰ্বাচনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীৰ প্ৰস্তাৱ এজেপিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.