ETV Bharat / state

আছু-প্ৰাক্তন আছুৰ সংঘাতঃ ডিব্ৰুগড়ত শ্বহীদ ন্যাস ভৱন উত্তপ্ত - কমলেশ ডেকাৰ নেতৃত্বত অহা এটি প্ৰতিনিধি দল

ডিব্ৰুগড়ত আছুৰ শ্বহীদ ন্যাস ভৱনত উত্তপ্ত পৰিস্থিতি৷ ডিব্ৰুগড় জিলাৰ আছু আৰু প্ৰাক্তন আছু নেতৃত্বৰ মাজত তুমূল বাক বিতণ্ডা ৷ প্ৰাক্তন আছুৱে সমিতি গঠন কৰিব লোৱাক লৈ এই পৰিস্থিতি ৷

আছু-প্ৰাক্তন আছুৰ সংঘাতঃ ডিব্ৰুগড়ত শ্বহীদ ন্যাস ভৱন উত্তপ্ত

author img

By

Published : May 30, 2022, 9:40 PM IST

মৰাণ, 30 মে': ডিব্ৰুগড়ত আছুৰ শ্বহীদ ন্যাস ভৱনত সোমবাৰে উদ্ভৱ হ'ল এক উত্তপ্ত পৰিস্থিতি । ডিব্ৰুগড় জিলাৰ আছু আৰু প্ৰাক্তন আছু নেতৃত্বৰ মাজত সৃষ্টি হ'ল তুমূল বাক বিতণ্ডা । ডিব্ৰুগড়ত কোনোপধ্যেই প্ৰাক্তন আছু সদস্য সকলে গঠন কৰিবলৈ ওলোৱা নতুন সংগঠনটোৰ সমিতি গঠন কৰিব নিদিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ।

আছুৰ ডিব্ৰুগড় জিলা সমিতিৰ এই আহ্বানৰ প্ৰতি প্ৰাক্তন আছুৰ সৰ্তীথ সন্মিলনে কোনো গুৰুত্ব আৰোপ নকৰাত ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়া সকল ক্ষুব্ধ হৈ পৰে । প্ৰাক্তন আছুৰ সৰ্তীথ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ আহ্বায়কৰ দায়িত্বত থকা কমলেশ ডেকাৰ নেতৃত্বত অহা এটি প্ৰতিনিধি দল আৰু আছুৰ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াৰ মাজত সোমবাৰে এই বাকবিতণ্ডা সৃষ্টি হয় ।

আছু-প্ৰাক্তন আছুৰ সংঘাতঃ ডিব্ৰুগড়ত শ্বহীদ ন্যাস ভৱন উত্তপ্ত

উল্লেখ্য যে একাংশ প্ৰাক্তন আছু কৰ্মীয়ে প্ৰাক্তন আছু সতীৰ্থ সন্মিলন গঠন কৰিবলৈ লোৱাত ক্ষুব্ধ হৈ পৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ কৰ্মী সকল । প্ৰাক্তন আছু সতীৰ্থ সন্মিলন নামৰ সংগঠনটো কোনোপধ্যে ডিব্ৰুগড় জিলাত গঠন কৰিবলৈ নিদিয়াৰ হুংকাৰ প্ৰদান কৰি আহিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই । আজি তাৰেই বৰ্হিপ্ৰকাশ দেখিবলৈ পোৱা গ'ল ডিব্ৰুগড়ত আছুৰ শ্বহীদ ন্যাস ভৱনত ।

লগতে পঢ়ক: দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.