মৰাণ, 5 নবেম্বৰ : ৰাজ্যৰ বজাৰত এতিয়া মূল্যবৃ্দ্ধিৰ জুই লাগিছে । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে আলু পিয়াঁজকে ধৰি সকলো খাদ্য সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক বাৰুকৈয়ে জুৰুলা কৰিছে । ৰাজ্যৰ যোগান বিভাগ ব্যৰ্থ হৈছে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত । শাক পাচলিকে ধৰি খাদ্য সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধিৰ সময়ত যাতে কোনো অসাধু ব্যৱসায়ীয়ে অধিক দাম গ্ৰাহকৰ পৰা ল'ব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা প্ৰশাসনে ।
![price hike news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9436059_344_9436059_1604548156746.png)
ডিব্ৰুগড় জিলাৰ বিভিন্ন বজাৰে বজাৰে ঘূৰিছে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়া । বজাৰ ভেদে যাতে সামগ্ৰীৰ মূল্য বেলেগ হ'ব নোৱাৰে তাৰ বাবে যোগান বিভাগে ব্যৱসায়ী সকলক নিৰ্দিষ্ট কৰি দিছে সামগ্ৰীৰ মূল্য । লগতে সামগ্ৰী নাটনি হোৱাৰ অজুহাত দেখুৱাই কোনোবাই যদি দাম বৃদ্ধি কৰে তাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়াৰ লগতে ব্যৱসায়ী সকলক বিষয়টো অৱগত কৰে ।
![civil supply department visited markets at dibrugarh](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-801to802-officeroffoodandcivilsupplydepartmentofdibrugarhvisitedeverymarketindibrugarh-as10031_05112020082842_0511f_1604545122_387.jpg)
আনহাতে ডিব্ৰুগড় জিলা খাদ্য,অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ তৰফৰ পৰা খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি, কৃত্ৰিম নাটনি আদি বিষয় সন্দৰ্ভত সৰ্বসাধাৰণ ৰাইজৰ কোনো অভিযোগ থাকিলে, সেই সন্দৰ্ভত অভিযোগ দাখিল কৰিব পৰাকৈ ৯৮৬৪৬-৭৯৮০৯ নম্বৰটোও মুকলি কৰা হৈছে ৷ মুঠৰ ওপৰত ডিব্ৰুগড়ত যোগান বিভাগে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা চলাইছে যদিও অস্বাভাৱিক মূল্য বৃদ্ধিয়ে ডিব্ৰুগড় জিলা খনৰ ৰাইজক বাৰুকৈয়ে সমস্যাত পেলাইছে । অসাধু ব্যৱসায়ীয়ে সামগ্ৰী নাটনিৰ অজুহাতত যি হাৰত মূল্যবৃদ্ধি কৰিছে তাক নিয়ন্ত্ৰণ কৰিবলৈ যোগাযোগ বিভাগ সক্ষম হ'ব নে নাই সেয়া সময়ত হে পৰিলক্ষিত হ'ব ।
লগতে পঢ়ক : তৰুণ গগৈৰ আশু আৰোগ্য কামনা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগুৰ