ETV Bharat / state

Child death due to lack of Oxygen : বিকশিত অসমত অক্সিজেনৰ অভাৱত মৃত্যু হ’ল 18 মহীয়া শিশুৰ

author img

By

Published : Mar 29, 2023, 8:14 PM IST

ডিব্ৰুগড়ত অৱস্থিত ৰমাই চাহ বাগিচাত কৰুণ ঘটনা ৷ অক্সিজেনৰ অভাৱত মৃত্যু হ’ল এটি দেৱশিশুৰ ৷ স্থানীয় ৰাইজৰ ক্ষোভ (Child death due to lack of Oxygen in Ramai tea estate) ৷

Ramai tea estate hospital
ৰমাই চাহ বাগিচাত কৰুণ ঘটনা
ৰমাই চাহ বাগিচাত কৰুণ ঘটনা

ডিব্ৰুগড়, 29 মাৰ্চ : চৰকাৰে স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তন অনাৰ কথা সদম্ভে ঘোষণা কৰি থকাৰ সময়তে ডিব্ৰুগড়ৰ এখন চাহ বাগিচাৰ চিকিৎসালয়ত সংঘটিত হ'ল এটি কৰুণ ঘটনা । উপযুক্ত চিকিৎসাৰ অভাৱত প্ৰাণ হেৰুৱালে 18 মহীয়া এটি দেৱশিশুৱে ৷ চিকিৎসকৰ অভাৱ আৰু এম্বুলেঞ্চত অক্সিজেন নথকাৰ বাবেই কৰুণ মৃত্যুক আঁকোৱালি ল'লে দেৱশিশুটিয়ে । এই ঘটনা সংঘটিত হৈছে ডিব্ৰুগড় জিলাৰ ৰমাই চাহ বাগিচাত (Hospital in tea garden)।

উল্লেখ্য যে, বাগিচাখনৰ চিকিৎসালয়খনত নাই চিকিৎসক । এগৰাকী এ এন এম নাৰ্ছেই চিকিৎসালয়খনৰ সৰ্বেসৰ্বা বুলি স্থানীয় সূত্ৰত প্ৰকাশ । জৰুৰীকালীন অৱস্থাত চিকিৎসা প্ৰদান কৰিবলৈ একোৱেই ব্যৱস্থা চিকিৎসালয়খনত উপলব্ধ নাই বুলি ভুক্তভোগী পৰিয়ালটোৱে জানিবলৈ দিয়ে । ঘটনাৰ বিৱৰণী অনুসৰি ৰমাই চাহ বাগিচাৰ অমল তাঁতী নামৰ ব্যক্তিজনৰ ডেৰ বছৰীয়া শিশুটি শাৰীৰিকভাৱে অসুস্থ হৈ পৰাত নিশাই সমীপৰে বাগিচাৰ চিকিৎসালয় অৰ্থাৎ ৰমাই চাহ বাগিচা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Doctor’s negligence kills child)।

কিন্তু নিশাৰ ভাগত চিকিৎসালয়ত চিকিৎসক নথকাত জৰুৰীকালীন চিকিৎসা সেৱাৰ পৰা বঞ্চিত 18 মহীয়া শিশুটিক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় । দুৰ্ভাগ্যজনিত বিষয় যে, জৰুৰীকালীন চিকিৎসাৰ প্ৰয়োজন থকা শিশুটিক অসম চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা এম্বুলেঞ্চখনতো নাছিল অক্সিজেনৰ ব্যৱস্থা । দেৱশিশুটিৰ দেহত অক্সিজেনৰ পৰিমাণ হ্ৰাস পাই অহাত আৰু এম্বুলেঞ্চখনত অক্সিজেনৰ কোনো ব্যৱস্থা নথকাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল পোৱাৰ পূৰ্বে শিশুটিৰ মৃত্যু ঘটে (Assam Medical College and Hospital) ।

উল্লেখ কৰা প্ৰয়োজন যে, যিখন এম্বুলেঞ্চত দেৱশিশুটিক লৈ যোৱা হৈছিল সেই এম্বুলেঞ্চখন বাগিচা অঞ্চলসমূহলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা এম্বুলেঞ্চ আছিল । চৰকাৰে আগবঢ়োৱা এম্বুলেঞ্চত অক্সিজেনৰ ব্যৱস্থা নথকাৰ ফলত শিশুটিৰ মৃত্যু হোৱাৰ অভিযোগ উঠিছে । এই সমগ্ৰ ঘটনাই এতিয়া স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে (Poor condition of health sector in Assam)।

লগতে পঢ়ক : Lakhimpur congress protest: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে লখিমপুৰত কংগ্ৰেছৰ চাৰি ভগ্নী সংগঠনৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.