ETV Bharat / state

উজনি অসমৰ প্ৰথমটো গেছ ইনচুলেটেড উপকেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

author img

By

Published : Dec 1, 2020, 10:55 PM IST

মঙলবাৰে ডিব্ৰুগড় উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ উজনি অসমৰ প্ৰথমটো অত্যাধুনিক গেছ ইনচুলেটেড উপকেন্দ্ৰৰ উদ্বোধন কৰাৰ উদ্দেশ্যে উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

chief-minister-sarbananda-sonwal-inaugurated-the-first-gas-insulated-substation-in-dibrugrah
উজনি অসমৰ প্ৰথমটো গেছ ইনচুলেটেড উপকেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

ডিব্ৰুগড়, 1 ডিচেম্বৰ : ডিব্ৰুগড়বাসীৰ বাবে মান সম্পন্ন আৰু অবিৰত বিদ্যুৎ যোগানৰ লক্ষ্যৰে উজনি অসমৰ প্ৰথমটো অত্যাধুনিক গেছ ইনচুলেটেড উপকেন্দ্ৰৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ডিব্ৰুগড় নগৰৰ HS পথৰ সমীপত মঙলবাৰে সন্ধিয়া সংহত বিদ্যুৎ উন্নয়ন আঁচনিৰ অধীনত নিৰ্মিত 2×10 এম ভি এ 33/11 কে ভি সম্পন্ন বিদ্যুৎ উপকেন্দ্ৰ উদ্বোধন কৰি বিদ্যুৎ অবিহনে উন্নয়ন অসম্ভৱ বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য

আনহাতে, মুখ্যমন্ত্ৰীয়ে যিকোনো খণ্ডৰ উন্নয়ন হ'বলৈ বিদ্যুৎ যোগান লাগিব । সেয়ে 24 ঘণ্টা ডিব্ৰুগড়বাসীয়ে উন্নত মানদণ্ডৰ বিদ্যুৎ লাভ কৰাৰ বাবে এই উপকেন্দ্ৰ মুকলি কৰা বুলি মন্তব্য কৰে ।

উল্লেখ্য যে, উদ্বোধনী অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানীৰ অধ্যক্ষ ভি পিপাৰচেনীয়া, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিমল বৰুৱা, এ পি ডি চি এলৰ পৰিচালন সঞ্চালক ৰাকেশ আগৰৱালা আদি উপস্থিত থাকে ।

লগতে পঢ়ক : প্ৰাক্তন বলিউদ অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰৰ শিৱ সেনাত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.