ডিব্ৰুগড়, 2 ডিচেম্বৰ : মৰাণত অনুষ্ঠিত হ'ল টাইপাৰ কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱস । টাই আহোম যুৱ পৰিষদ, অসম (টাইপা)ৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত তথা মৰাণ মহকুমা আৰু মৰাণ আঞ্চলিকৰ উদ্যোগত ৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ তিনিদিনীয়াকৈ আয়োজন কৰা হৈছিল কেন্দ্ৰীয় ছ্যু-কা-ফা দিৱস ।
টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ উদ্যোগত মৰাণৰ তিলৈনগৰ গ্ৰাম্য বজাৰ প্ৰাংগণত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ছ্যু-কা-ফা দিৱসৰ আজি অন্তিম দিনা মুকলি সভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
উক্ত সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "কেৱল অসম, উত্তৰ-পূৱ অথবা ভাৰতবৰ্ষই নহয়, দক্ষিণ-পূৱ এচিয়াৰ ভিতৰতে সমন্বয়ৰ ক্ষেত্ৰত সৰ্বপ্ৰথমে নাম ল'ব লাগিব চাওলুং ছ্যু-কা-ফাৰ ৷ মহান ব্যক্তি চাওলুং ছ্যু-কা-ফাই যি সমন্বয়েৰে বৰ অসমৰ ভেঁটি তৈয়াৰ কৰিছিল সেয়া প্ৰতিগৰাকী অসমীয়াই আন্তৰিকতাৰে উপলব্ধি কৰিব লাগিব, স্মৰণ কৰিব লাগিব ৷ তেতিয়াহে ভৱিষ্যৎ প্ৰজন্মই এখন সুদৃঢ়, শক্তিশালী আৰু সমন্বয়ৰ অসম গঢ়িবলৈ সক্ষম হ'ব ।’’
আজি অনুষ্ঠিত উক্ত মুকলি সভাতে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে প্ৰতিবছৰে প্ৰদান কৰি অহা "চাওলুং ছ্যু-কা-ফা বৰ অসম সমন্বয় বঁটা-২০২৩" অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনক প্ৰদান কৰা হয় ৷ বঁটা গ্ৰহণ কৰি আপ্লুত হৈ পৰা চৌনা মিনে সকলোকে ধন্যবাদ জ্ঞাপন কৰি চাওলুং ছ্যু-কা-ফাক শ্ৰদ্ধাৰে স্মৰণ কৰে । নিজকে টাই খামটি লোক বুলি পৰিচয় দি উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমবাসী তেওঁৰ অতি মৰমৰ ।
চৌনা মিনে চাওলুং ছ্যু-কা-ফাৰ অসম আগমন, দূৰদৰ্শিতা, কৰ্মৰাজিৰ বহু ঐতিহাসিক বিশ্লেষণ কৰে আৰু সকলোকে সমন্বয় সুদৃঢ় কৰাৰ আহ্বান জনায়৷ মুকলি সভাত অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, সাধাৰণ সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁই, বিধায়ক চক্ৰধৰ গগৈকে ধৰি বহুসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷
লগতে পঢ়ক : যোৰহাটত ছ্যু-কা-ফা দিৱস পালন