ETV Bharat / state

ক’ভিড প্ৰট’কল: চৰাইদেউত যুগ্ম-অযুগ্ম ফৰ্মূলা জাৰি - ক’ভিড প্ৰট’কল

চৰাইদেউ জিলাত বৃহস্পতিবাৰৰ পৰা যুগ্ম-অযুগ্ম ফৰ্মূলা আৰম্ভ ৷ বাহন চলাচলৰ ক্ষেত্ৰত পুৱা 5 বজাৰ পৰা দিনৰ 2 বজালৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা ৷

charaideo dc ordered new covid rules
চৰাইদেউত ক’ভিড নীতি
author img

By

Published : May 14, 2021, 12:44 PM IST

মৰাণ,14 মে’ : বৃহস্পতিবাৰৰ পৰা চৰাইদেউ জিলাত যান-বাহন চলাচলৰ ক্ষেত্ৰত আৰম্ভ হৈছে যুগ্ম-অযুগ্ম ফৰ্মূলা । এই ফৰ্মূলা মানি কেৱল পুৱা 5 বজাৰ পৰা দিনৰ 2 বজালৈহে বাহন চলাচলৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷ জিলা উপায়ুক্তই জাৰি কৰিছে এই নিৰ্দেশ ৷

charaideo dc ordered new covid rules
চৰাইদেউত ক’ভিড নীতি

দিনৰ 2 বজাৰ পাচত জিলাখনত জাৰি কৰা হৈছে সান্ধ্য আইন ৷ উক্ত যুগ্ম-অযুগ্ম ফৰ্মূলা অনুসৰি, শুকুৰবাৰৰ পৰা 16, 18, 20, 22, 24 আৰু 26 মে’ লৈকে গাড়ীৰ শেষৰ নম্বৰটো যুগ্ম অর্থাৎ 0/2/4/6/8 সংখ্যা থকা গাড়ী ৰাজপথত চলাচল কৰিব পাৰিব ।

আনহাতে বৃহস্পতিবাৰৰ পৰা 15, 17, 19, 21, 23 আৰু 25 মে’ পৰ্যন্ত চলাচল কৰিব পাৰিব নম্বৰ প্লেটৰ শেষৰ সংখ্যাত অযুগ্ম যেনে 1/3/5/7 আৰু 9 সংখ্যা থকা নম্বৰৰ বাহন । এই নিৰ্দেশ ভংগ কৰোতাজন আইন মতে দণ্ডনীয় হ’ব বুলি প্ৰশাসনৰ ফালৰ পৰা জানিবলৈ দিছে ৷

লগতে পঢ়ক : টীয়কত ক’ভিড প্ৰট’কল মানি ঈদৰ নামাজৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.