মৰাণ, 30 মে’ : ক'ভিড আক্ৰান্ত হৈ ঘৰতে আৱদ্ধ হৈ থকা পৰিয়াল সমূহলৈ চৰকাৰে ২০০০ টকা খাদ্য সামগ্ৰী যোগান ধৰাৰ ব্যৱস্থা কৰিছে । কিন্তু ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিত ক'ভিড আক্ৰান্তৰ পৰিয়াললৈ আগবঢ়োৱা খাদ্য সামগ্ৰীত দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন হৈছে । সামগ্ৰী যোগান ধৰিবলৈ ঠিকা লাভ কৰাসকলে ২০০০ টকাৰ পৰিৱৰ্তে ১৩০০ টকা মানৰহে সামগ্ৰী দিয়া বুলি পৰিয়ালসমূহে অভিযোগ উত্থাপন কৰাৰ পাচতে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে নিজেই গাঁৱে গাঁৱে গৈ সামগ্ৰী বিতৰণ কৰাত ব্যস্ত হৈ পৰিছে ৷ চৰকাৰে দিয়া সাহাৰ্য ক'ভিড আক্ৰান্তৰ পৰিয়ালে সঠিকভাৱে লাভ কৰাটো নিশ্চিত কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বিধায়কগৰাকীয়ে ।
![Chakradhar Gogoi distributed essential good at containment zone area of Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8022to8025-chakradhargogoidistributedessentialgoodatcontainmentzoneareaofmoran-as10031_30052021201701_3005f_1622386021_265.jpg)
দেওবাৰে বিধায়ক গগৈয়ে লেজাই পঞ্চায়তৰ বহু কেইখন গাঁৱৰ লগতে 84 টা পৰিয়ালক স্থানীয় চক্ৰ বিষয়াৰ লগতে লেজাই পঞ্চায়তৰ সভানেত্ৰী, ৱাৰ্ড সদস্য দলৰ কাৰ্যকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিতিত খাদ্য সামগ্ৰী বিতৰণ কৰে । ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত ক'ভিড ৰোগীৰ পৰিয়ালক দিয়া চৰকাৰী খাদ্য সামগ্ৰী যোগানত বিসংগতি দেখা দিয়াৰ পাচতে মুখ্যমন্ত্ৰীয়ে নিজ নিজ সমষ্টিত বিধায়ক সকলক খাদ্য সামগ্ৰী বিতৰণত গুৰুত্ব দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ।
লগতে পঢ়ক: বিবেক এক্সপ্ৰেছেৰে হোজাইলৈ অহা 11 গৰাকীৰ দেহত ক’ভিডৰ অৱস্থিতি