মৰাণ,22 এপ্ৰিলঃ মঙলবাৰে নিশা লাকুৱাৰ ৮ নং GGS ৰ পৰা কোনো দুৰ্বৃত্তই খোৱাং সৰুআলিৰ মোহিনী মোহন গগৈৰ লগতে আন দুই সতীৰ্থক অপহৰণ কৰি নিছিল । আৰক্ষীয়ে ঘটনাৰ পাছতে উদ্ধাৰৰ বাবে তৎপৰ হৈছে যদিও আজি পৰ্যন্ত অপহৰণ কৰা ONGC ৰ তিনিওজন কৰ্মচাৰীৰ কোনো খবৰ ওলোৱা নাই । সংবাদ মাধ্যমৰ জৰিয়তে আটাইকেইজনকে সুকলমে উভতাই আনিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনািছিল মোহিনী মোহনৰ পৰিয়ালবৰ্গই ।
সমগ্ৰ ঘটনাৰ সৰ্ন্দভত সম্প্ৰতি মোহিনী মোহন গগৈৰ পৰিয়ালৰ কাষত উপস্থিত হয় মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ । সংবাদ মাধ্যমৰ আগত মানৱীয়তাৰ খাতিৰত অপহৰণ কৰা তিনিওকে মুক্তি দিবলৈ আহ্বান জনাই মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৷
লগতে পঢ়কঃ ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন