ETV Bharat / state

চাবুৱাস্থিত ছেইণ্ট লুইছ চিকিৎসালয়ত নিৰ্মাণ হ'ব ক'ভিড কেয়াৰ চেণ্টাৰ

author img

By

Published : May 12, 2021, 5:22 PM IST

চাবুৱাৰ ছেইণ্ট লুইছ চিকিৎসালয়ত ক'ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ বাবে তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । বুধবাৰে জিলা উন্নয়ন আয়ুক্ত পার্থপ্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোঁহাই, চিকিৎসক আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলে চিকিৎসালয়খনত উপস্থিত হৈ ক'ভিড কেয়াৰ চেণ্টাৰটোৰ নিৰ্মাণ সম্পৰ্কে বুজ লয় ।

Chabua covid hospital
চাবুৱাস্থিত ছেইন্ট লুইছ চিকিৎসালয়ত নিৰ্মাণ কৰা হ'ব ক'ভিড কেয়াৰ চেন্টাৰ

মৰাণ,১২ মে': গুৱাহাটীৰ পাছতে ডিব্ৰুগড়ত সৰ্বাধিক হৈছে ক'ভিড ৰোগীৰ সংখ্যা ।‌ ক'ভিডৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে চেষ্টা অব্যাহত ৰাখিছে যদিও আজিও অনিয়ন্ত্ৰিত হৈ আছে ক'ভিড পৰিস্থিতি ।

Chabua covid hospital
চাবুৱাস্থিত ছেইণ্ট লুইছ চিকিৎসালয়ত নিৰ্মাণ হ'ব ক'ভিড কেয়াৰ চেণ্টাৰ

জিলাখনত কৰ'ণা ৰোগী বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে জিলা উন্নয়ন আয়ুক্ত পার্থপ্ৰতিম বৈৰাগী, অতিৰিক্ত উপায়ুক্ত তপন কুমাৰ গোঁহাই, স্বাস্থ্য বিভাগৰ চিকিৎসক আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলে চাবুৱাস্থিত ছেইণ্ট লুইছ চিকিৎসালয়ত উপস্থিত হৈ তাত নিৰ্মাণ হ'বলগীয়া ক'ভিড কেয়াৰ চেণ্টাৰটোৰ নিৰ্মাণ সম্পৰ্কে বুজ লয় ।

এই ক'ভিড কেয়াৰ চেণ্টাৰটোৰ কাম অতি কম দিনৰ ভিতৰতে সম্পূৰ্ণ হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ পৰা গৈছে । আনহাতে, ডিব্ৰুগড়ত ৰে'ল বিভাগে ইতিমধ্যে দুখন ৰে'লৰ ডবা ক'ভিড ৰোগী থাকিব পৰাকৈ সাজু কৰি তুলিছে । ইতিমধ্যে ৩২০ খন বিচনা সাজু কৰি তোলা হৈছে ক’ভিড ৰোগীৰ বাবে ৷

লগতে পঢ়ক: টীম হিমন্তই আশীষ ল'লে সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.