মৰাণ,17 মাৰ্চ: চলিত মাহৰ ২৩ তাৰিখৰ পৰা কেন্দ্ৰীয় ভিত্তিত অনুষ্ঠিত হ'ব ঐতিহ্যপূৰ্ণ অসমীয়া বাপতি সাহোন তৰা চিঙা বিহু । এই উপলক্ষ্যে মঙলবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ গড়কাপ্তনী পৰিদৰ্শন ভৱনৰ প্ৰাংগনত সম্পূৰ্ণ টাই ধৰ্মীয় পৰম্পৰাৰ ৰীতি-নীতিৰে লাইখুঁটা স্থাপন কৰা হয় । মৰাণৰ ঊষাপুৰ মহিলা সমাজৰ উদ্যোগত আৰু মৰাণৰ বিভিন্ন দল-সংগঠন তথা মৰাণবাসী ৰাইজৰ সহযোগত অসমৰ আটাইতকৈ পুৰণি এই তৰা চিঙা বিহুখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেৰে এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব ৷
এই বিহুখনৰ উদযাপন সমিতিৰ সভানেত্ৰী অঞ্জলী মহন চেতিয়া আৰু অকণ ভূঞাই সমূহ অসমবাসী ৰাইজৰ উপস্থিতি কামনা কৰে । উল্লেখ্য যে, মৰাণৰ ৰাইজে প্ৰতি বছৰে পৰম্পৰাগত ভাৱে এই তৰা চিঙা বিহু উদযাপন কৰি আহিছে ।
লগতে পঢ়ক: আগন্তুক নিৰ্বাচনৰ বাবে সাজু অসম আৰক্ষী