মৰাণ,২০ জুন: সোমবাৰে ৰাজ্য়জুৰি আয়োজন কৰা হৈছে মুক্তি যুঁজাৰু, সৈনিক শিল্পী বিষ্ণু ৰাভা দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিদিঙীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে এই দিৱস ।
ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা এই দিৱসত ২০২১ বৰ্ষৰ সাহিত্য, সংস্কৃতি, শান্তি, সম্বন্বয়, মহিলা সৱলীকৰণ আদিৰ বাবে সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা বৰেণ্য ব্যক্তিসকলৰ নামত প্ৰৱৰ্তন কৰা ৩ টা ৰাষ্ট্ৰীয় আৰু ৯ টা ৰাজ্যিক বঁটা প্ৰদান কৰিব । উক্ত অনুষ্ঠানত নৃত্য পটীয়সী শাৰদী শইকীয়া(Classical dancer Saradi Saikia) আৰু চিত্ৰশিল্পী চন্দ্ৰকমল গগৈক(Artist Chandra Kamal Gogoi) এইবৰ্ষৰ 'বিষ্ণু ৰাভা বঁটা' প্ৰদান কৰিব ৰাজ্য চৰকাৰে (Bishnu Rabha Award)।
এই অনুষ্ঠনটোতে নগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড৹ অনুংলা আয়াৰক 'কালীচৰণ ব্ৰহ্ম ৰাষ্ট্ৰীয় বঁটা'প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে । একেটা অনুষ্ঠানতে গৱেষক-পণ্ডিত ড৹ নৰেন কলিতাক 'কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা' লোকতত্ত্ববিদ ড৹ অমলেন্দু ভট্টাচাৰ্যক 'আজান পীৰ ৰাষ্ট্ৰীয় বঁটা' প্ৰদান কৰা হ'ব । লগতে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱালৈ 'পাৰ্বতি প্ৰসাদ বৰুৱা বঁটা' আগবঢ়োৱা হৈছে (Parvati Prasad Baruah Award To Actress Mridula Baruah) ।
আনহাতে লেখিকা ইলা বৰগোহাঁইক 'অমলপ্ৰভা দাস বঁট'আৰু লীলাৱতী কুশ্ৰেক 'চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা'প্ৰদান কৰা হ'ব । একেটা অনুষ্ঠানতে ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীক 'মামণি ৰয়ছম গোস্বামী বঁটা' আৰু সাহিত্যিক ছবিলাল উপাধ্যায়ক 'চৈয়দ আব্দুল মালিক বঁটা' প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে ।
অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ 'আহমদ আলী বাঁশকান্দি বঁটা', কবি বংশী বৰালৈ 'গণেশ গগৈ বঁটা' আৰু সমাজ সেৱক হেমন্ত গোহাঁইলৈ 'স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা' আগবঢ়োৱা হৈছে ।
তদুপৰি,নৃত্যশিল্পী ননী বৰুৱালৈ 'শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা' এই অনুষ্ঠানতে প্ৰদান কৰা হ'ব বুলি জনা গৈছে ।
লগতে পঢ়ক:মন্ত্ৰিত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে নিজ সমষ্টিত নন্দিতা গাৰ্লোচা