ETV Bharat / state

Maharajat Jayanti in AMCH: মহাৰজত জয়ন্তীৰ প্ৰস্তুতিৰ বুজ ল'লে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে - মহাৰজত জয়ন্তীৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয়

অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে(Central minister Sarbananda Sonowal) ৷ নবেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠান ৷

Central minister Sarbananda Sonowal in Assam medical college
Maharajat Jayanti in AMCH: মহাৰজত জয়ন্তীৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
author img

By

Published : Oct 26, 2022, 10:05 PM IST

ডিব্ৰুগড়,২৬ অক্টোবৰ: ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত আজি উপস্থিত হয় ভাৰত চৰকাৰৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল(Central minister Sarbananda Sonowal) । চিকিৎসা মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপনৰ মাজতেই চিকিৎসালয়খনত উপস্থিত হৈ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধীক্ষকৰ লগতে প্ৰতিটো বিভাগৰ মূৰব্বী চিকিৎসকৰ লগত মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । লগতে নবেম্বৰৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'বলগীয়া মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি সম্পৰ্কেও বুজ লয় কেবিনেট মন্ত্ৰী গৰাকীয়ে(Central minister Sarbananda Sonowal in Assam medical college) ।

Maharajat Jayanti in AMCH: মহাৰজত জয়ন্তীৰ প্ৰস্তুতি সম্পৰ্কে বুজ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা এটা ডাক টিকট উলিওৱাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ পৰা সহায় সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে সৰ্বানন্দ সোণোৱালে(Assam medical college) । ইফালে, উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত কৰাৰ প্ৰক্ৰিয়া পৰ্যায়ক্ৰমে আগবাঢ়িব বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে সোণোৱালে(Maharajat Jayanti in AMCH) । চিকিৎসা মহাবিদ্যালয়খনৰ এই কাৰ্যসূচীত সৰ্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ।

লগতে পঢ়ক: APCC criticises BJP: আজৱ চৰকাৰ আজৱ শিক্ষা বিভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.