ETV Bharat / state

বিক্ৰী হ’ব নেকি নামৰূপ সাৰ কাৰখানা ! - বিক্ৰী হ’ব নেকি নামৰূপ সাৰ কাৰখানা

অসমৰ স্বাভিমান স্বৰূপ নামৰূপ সাৰ কাৰখানা বিক্ৰী কৰিবলৈ প্ৰস্তুতি চলাইছে কেন্দ্ৰীয় চৰকাৰে (Central Govt preparation for selling BVFCL) ৷ যাক কেন্দ্ৰ কৰি উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ-কাৰখানাটোৰ কৰ্মচাৰীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

Central Govt preparation for selling BVFCL
বিক্ৰী হ’ব নেকি নামৰূপ সাৰ কাৰখানা !
author img

By

Published : Sep 11, 2022, 9:55 PM IST

ডিব্ৰুগড়, 11 ছেপ্টেম্বৰ : অসমৰ স্বাভিমান স্বৰূপ নামৰূপ সাৰকাৰখানালৈ অশনি সংকেত । যিকোনো মূহুৰ্ততে বিক্ৰী হ’ব পাৰে উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানা (Brahmaputra Valley Fertilizer Corporation Limited in Namrup)। সকলো ঠিকে থাকিলে চলিত বিত্তীয় বৰ্ষতে মোডী চৰকাৰে বিক্ৰী কৰিব উত্তৰ-পূৰ্বাঞ্চলৰ কৃষিজীৱিসকলৰ একমাত্ৰ ভৰষা এই সাৰ কাৰখানাটো (Central Govt preparation for selling BVFCL) ।

উল্লেখযোগ্য যে, প্ৰথম আৰু দ্বিতীয় গোটটো বন্ধ হৈ যোৱাত আওপুৰণি তৃতীয় গোটটোৰে সাৰ উৎপাদন কৰি কৃষকৰ চাহিদা পূৰণ কৰি আহিছে । তেনেস্থলত সাৰ কাৰখানাৰ ভৱিষ্যতলৈ চাই চতুৰ্থ গোটটো স্থাপন কৰাটো নিতান্তই প্ৰয়োজন আছিল । 2006 চনতে তেতিয়াৰ সাৰ মন্ত্ৰী ৰামবিলাস পাছোৱানে নামৰূপত উপস্থিত হৈ সাৰ কাৰখানাৰ চতুৰ্থ গোট নিৰ্মাণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিতেই আবদ্ধ হৈ থাকিল ।

লগতে পঢ়ক : অতীত হ’ব নেকি নামৰূপ সাৰ কাৰখানা !

মোডী চৰকাৰে প্ৰথমবাৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই 100 দিনীয়া কৰ্মসূচীত নামৰূপ সাৰ কাৰখানাৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ কথা ঘোষণা কৰিছিল ৷ কিন্তু সেয়া অসাৰ প্ৰতিপন্ন হ’ল । শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সাৰ কাৰখানাৰ মেৰামতিৰ বাবে 100 কোটি টকাৰ অনুদান আগবঢ়াইছিল ৷

কিন্তু পৰিতাপৰ কথা যে, মাত্ৰ 100 কোটি টকাৰে সাৰ উদ্যোগটো জীয়াই ৰখা সম্ভৱপৰ নহয় । ইয়াৰ পিছতেই চলিত বিত্তীয় বৰ্ষত সাৰ উদ্যোগটো বন্ধ কৰিবলৈ লোৱাত এতিয়া হাহাকাৰ সৃষ্টি হৈছে উদ্যোগটোৰ ভিতৰ চ’ৰাত । উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানাটোৰ কৰ্মচাৰীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ।

কোনো কাৰণতেই সাৰ কাৰখানাটো বিক্ৰী কৰিবলৈ দিয়া নহ’ব বুলিও একপ্ৰকাৰে হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলৰ নেতৃত্বই ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ ত্যাগ কৰাৰ কাৰণ ক'লে মন্ত্রী পীযুষ হাজৰিকাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.