ETV Bharat / state

২৬,২৭ আৰু ২৮ ডিচেম্বৰত মৰাণত অনুষ্ঠিত হ'ব টাইপাৰ কেন্দ্ৰীয় অধিবেশন

author img

By

Published : Nov 4, 2020, 10:11 AM IST

মৰাণত অনুষ্ঠিত হ'ব টাইপাৰ কেন্দ্ৰীয় অধিবেশন । মৰাণত সংবাদ মেল পাতি ঘোষণা সংগঠনটোৰ নেতৃত্বৰ | ২৬,২৭ আৰু ২৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব টাইপাৰ কেন্দ্ৰীয় অধিবেশন |

Central Adhibexon of TAYPA will held at Moran on 26, 27 and 28 December
২৬,২৭ আৰু ২৮ ডিচেম্বৰত মৰাণত অনুষ্ঠিত হ'ব টাইপাৰ কেন্দ্ৰীয় অধিবেশন

মৰাণ,4 নৱেম্বৰ: মৰাণত অনুষ্ঠিত হ'ব টাই আহোম যুৱ পৰিষদ,অসমৰ পঞ্চম পঞ্চ বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন । মংঙলবাৰে মৰাণৰ পূৰ্ণিমা হোটেলত এখন সংবাদ মেলত এই কথা ঘোষণা কৰে সংগঠনটোৰ নেতৃত্বই । ২৬,২৭ আৰু ২৮ ডিচেম্বৰত মৰাণত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় অধিবেশনত আগন্তুক দিনৰ বাবে সংগঠনটোৱে ল'বলগীয়া কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰিব । লগতে ২ ডিচেম্বৰত টাইপাই কেন্দ্ৰীয়ভাৱে মৰাণতে অনুষ্ঠিত কৰিব ষষ্ঠ বাৰ্ষিক চ্যুকাফা দিৱস ।

টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মিন্টু দেওধাই ফুকন আৰু আগন্তুক টাইপাৰ পঞ্চম পঞ্চ বাৰ্ষিক অধিবেশনৰ আহ্বায়ক সমিতিৰ হৈ বিজয় ৰাজকোঁৱৰে কয় যে, সংগঠনৰ সংবিধান বিৰোধী কাৰ্যকলাপত লিপ্ত থকা বাবে সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক ক্ৰমে দিগন্ত তামুলী আৰু দিব্যজ্যোতি দুৱৰাক সংগঠনৰ পৰা বহিষ্কাৰ কৰা হৈছে । জনজাতিকৰণৰ ক্ষেত্ৰত টাইপাই কেতিয়াও আপোচ নকৰে বুলি কোৱাৰ লগতে বিজেপিক ৰোধ কৰাৰ ক্ষেত্ৰত ঐক্যমঞ্চক সহায় আগবঢ়াব বুলিও সদৰি কৰে । সংবাদ মেলত কেন্দ্ৰীয় সমিতিৰ সভাপতি সম্পাদকৰ লগতে জিলা, মহকুমা আৰু আঞ্চলিক সমিতিৰ বিয়য়ববীয়া সকল উপস্থিত থাকে ।

লগতে পঢ়ক: অসম আৰক্ষীৰ শ্বহীদ ৰবেন দাসৰ বাসগৃহত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.