ডিব্ৰুগড়, 24 মাৰ্চ : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত অগপই লাভ কৰা ধুবুৰী আৰু বৰপেটাৰ আসনৰ বাবে আঞ্চলিক দলটোৱে 27 মাৰ্চত চুড়ান্ত কৰিব 2 প্ৰাৰ্থীৰ নাম। অগপৰ সভাপতি অতুল বৰাই ডিব্ৰুগড়ত এই কথা সদৰি কৰে ৷ইপিনে পুনৰ মিত্ৰতাৰ পাচত আসন বুজা বুজিৰে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অগপই লাভ কৰা একমাত্ৰ কলিয়াবৰ সমষ্টিটোত মণি মাধৱ মহন্তক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে৷ আনহাতে ধুবুৰী আৰু বৰপেটাৰ আসনৰ ফলাফলক লৈও যথেষ্ট আশাবাদী বুলি মত প্ৰকাশ কৰে অগপৰ সভাপতি গৰাকীয়ে ৷
ইয়াৰোপৰিও শেহতীয়াকৈ মিত্ৰতা ভংগৰ পাচত বিভিন্ন কাৰণতঅগপৰ লগতে মিত্ৰযোটৰ কৰ্মীৰ মাজত মতানৈক্য হৈছিল ৷ যদিও অগপ বৰ্তমান পুনৰ একত্ৰিত হৈ এই বিভেদ দূৰ কৰি ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে বুলিও প্ৰকাশ কৰে অগপ সভাপতি গৰাকীয়ে।