ETV Bharat / state

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ স্মাৰক পত্ৰ

author img

By

Published : Jun 10, 2021, 9:54 PM IST

ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰক স্মাৰক পত্ৰ সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ । ক'ভিড বিধি উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আহ্বান সংগঠনটোৰ ।

memorandam
ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ স্মাৰক পত্ৰ

ডিব্ৰুগড়,১০জুন : ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰক স্মাৰক পত্ৰ সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ । ক'ভিড বিধি উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আহ্বান সংগঠনটোৰ । সংগঠনটোৱে অভিযোগ দিয়া মতে বজাৰ বন্ধ হোৱাৰ সময়ত শান্তিপৰা ৰেলগেটখন বন্ধ হোৱাৰ বাবে ৰটাৰী ৰোডত মানুহৰ ভিৰ ইমানেই হয় যে তাত ক'ভিড প্ৰট'কল(covid protocol) পালন কৰা দূৰৰ কথা পাৰিলে এজনে আনজনক ঠেলি হেঁচি পাৰ হোৱাৰ দৰে উপক্ৰম হয় । বৰ্তমান ডিব্ৰুগড়ৰ ক'ভিড পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ৰটাৰী ৰোডৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আৰক্ষীক আহ্বান সংগঠনটোৰ ।

সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচন ডিব্ৰুগড় জিলা সমিতিৰহৈ কেন্দ্ৰীয় কাৰ্য নির্বাহক সমিতিৰ সভাপতি নিৰ্মল কান্তি শীল আৰু জিলা সমিতিৰ সম্পাদক বাপি চৰকাৰৰ নেতৃত্বত অমৰ কুমাৰকলৈ এক সঁজাতি দলে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক শ্বেতাংক মিশ্ৰক সাক্ষাৎ কৰে ।

আনহাতে ডিব্ৰুগড়ৰ পুৰণি ৰেল ষ্টেচনৰ(Dibrugarh old railway station) পৰা এতিয়া কোনো ধৰণৰ যাত্ৰীবাহী ৰেল চলাচল নকৰে, গতিকে বজাৰ বন্ধ হোৱাৰ ১ ঘণ্টা আগত আৰু ১ ঘণ্টা পিছত ৰেল বিভাগে গেট খন বন্ধ নকৰিলে সাধাৰণ ৰাইজে অলপ সকাহ পাব বুলি আশা প্ৰকাশ কৰে । লগতে সেই সময়ত তাত ট্ৰেফিক আৰক্ষী নিয়োগ কৰাৰো দাবী জনায় ।

লগতে পঢ়ক:বঙাইগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুজন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.