ETV Bharat / state

অসম চিকিৎসা মহাবিদ্যালয়লৈ বিচিপিএলৰ 1.5 কোটিৰ সাহাৰ্য

author img

By

Published : May 16, 2021, 3:37 PM IST

অসম মেডিকেল কলেজলৈ ১.৫ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে তথা গেছ ক্ৰেকাৰ প্ৰকল্পই ৷ শেহতীয়াকৈ ডিব্ৰুগড় জিলাত ভয়াৱহ ৰূপত ক'ভিড আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱা আৰু অসম চিকিৎসা মহাবিদ্যালয়ত এক শোচনীয় পৰিৱেশৰ প্ৰতি লক্ষ্য কৰি চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে বিচিপিএলে প্ৰদান কৰিছে এই ধনৰাশি ।

bspl-donated-1-dot-5-crores-to-assam-medical-collage
অসম চিকিৎসা মহাবিদ্যালয়লৈ বিচিপিএলৰ 1.5 কোটিৰ সাহাৰ্য

ডিব্ৰুগড়, 16 মে’: ঐতিসাহিক অসম মেডিকেল কলেজলৈ ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে তথা গেছ ক্ৰেকাৰ প্ৰকল্পই ১.৫ কোটি টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰিছে । দেওবাৰে প্ৰকল্পৰ এই পদক্ষেপ আৰু আনুসংগিক বিষয় লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকল্পস্থলীত উপস্থিত হৈ বিচিপিএল কৰ্তৃপক্ষক সাক্ষাৎ কৰে ।

উল্লেখ যে, শেহতীয়াকৈ ডিব্ৰুগড় জিলাত ভয়াৱহ ৰূপত ক'ভিড আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱা আৰু অসম চিকিৎসা মহাবিদ্যালয়ত এক শোচনীয় পৰিৱেশৰ প্ৰতি লক্ষ্য কৰি চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে বিচিপিএলে প্ৰদান কৰিছে এই ধনৰাশি । মেডিকেল কলেজখনৰ জৰুৰী সেৱা আৰু কেজুৱেলিটী বিভাগৰ সামূহিক আন্তঃগাঁথনি উন্নয়নৰ লগতে মহামাৰী ক'ভিডৰ সময়ত অত্যাধুনিক চিকিৎসা সঁজুলি ব্যৱস্থাৰ বাবে এই অনুদান প্ৰদান কৰিছে বিচিপিএল কতৃপক্ষই ।

বিচিপিএল কতৃপক্ষক অসম মেডিকেল কলেজ কতৃপক্ষৰ তৰফৰ পৰা, ঐতিসাহিক অসম মেডিকেল কলেজৰ জৰুৰীকালীন বিভাগৰ(ইৰ্মাজেঞ্চী) সংবৰ্দ্ধন ৰূপত সামূহিক উন্নয়ন আৰু ট্ৰ'মা কে'য়াৰৰ(দুৰ্ঘটনাজনিত ৰোগ) আন্তঃগাঁথনি উন্নিতকৰণৰ লগতে প্ৰশিক্ষণৰ সুবিধা থকাকৈ এক প্ৰস্তাৱ দাখিল কৰিছিল ।

উক্ত প্ৰস্তাৱৰ প্ৰতি সন্মান জনাই আৰু প্ৰয়োজনীয়তাৰ গুৰুতৰ প্ৰতি লক্ষ্য ৰাখি অসম মেডিকেল কলেজলৈ বি চি পি এল কতৃপক্ষই ১.৫ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাত চিকিৎসা মহাবিদ্যালয়খনৰ লগতে উজনি অসম, নাগালেণ্ড আৰু অৰুনাচলৰ এক বৃহৎ সংখ্যক ৰোগী উপকৃত হব বুলি আশা কৰা হৈছে ।

মহামাৰী ক'ভিড ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বিচিপিএল কতৃপক্ষই অসম মেডিকেল কলেজক ক'ভিড-১৯ৰ প্ৰতিৰোধৰ বাবে সা-সামগ্ৰী, সঁজুলি যোগান ধৰি কেৱল ৰোগীক সেৱা কৰাই নহয়; এক মহানুভৱতাৰ পৰিচয়ো দাঙি ধৰিছে ।

মনকৰিবলগীয়া যে, শেহতীয়াকৈ গেছক্ৰেকাৰ প্ৰকল্পৰ পৰিচালন সঞ্চালক ৰীপ হাজৰিকাৰ নেতৃত্বত প্ৰকল্পৰ চি এচ আৰ আঁচনিৰ জৰিয়তে সমীপৱৰ্তী অঞ্চল সমূহত বিভিন্ন আঁচনি ৰূপায়ণ কৰি অহাৰ লগতে মহামাৰী ক'ভিডৰ সময়টো জনসাধাৰণৰ উপকৃত কৰি বিভিন্ন সামগ্ৰী বিতৰণ কৰি আহিছে ।

লগতে পঢ়ক: হাস্পতালৰ মজিয়া মচিলে মিজোৰামৰ ক’ভিডত আক্ৰান্ত এগৰাকী মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.