9 এপ্ৰিল, ডিব্ৰুগড় : জকাই খামটিঘাটত দীৰ্ঘদিন ধৰি এটা প্ৰকাণ্ড অজগৰে চলাই আছিল তাণ্ডৱ, পিছে শুকুৰবাৰে এঘৰত কুকুৰা পোৱালি ভক্ষণ কৰি থকা অৱস্থাত ফান্দত পৰিল অজগৰটো ৷ প্ৰথমে চিঞৰ বাখৰ কৰি পিছত ৰাইজৰ একাংশই প্ৰাণে মাৰিবলৈ উদ্যত হ’ল অজগৰটো ৷
সেই সময়তে, গাঁওখনৰ যুৱক ৰাজীৱ বৰগোঁহায়ে অজগৰটো উদ্ধাৰ কৰাৰ সিদ্ধান্ত লৈ চমজাই দিয়ে বন বিভাগত। সাহসী যুৱক জনৰ এনে কাৰ্যৰ শলাগ লয় স্থানীয় ৰাইজে ।
লগতে পঢ়ক:নাহৰেই আনিলে অসমীয়াৰ পদূলীত ব’হাগৰ সুবাস