মৰাণ, 28 নৱেম্বৰ : কিতাপপ্ৰেমীলৈ প্ৰতিবছৰেই গ্ৰন্থমেলাৰ ৰূপত শীতে কঢ়িয়াই আনে সুখৰ বতৰা ৷ ৰাজ্যত মূলতঃ দুখনকৈ গ্ৰন্থমেলা অনুষ্ঠিত হয় ৷ সেয়া ক্ৰমে- গুৱাহাটী গ্ৰন্থমেলা(Guwahati book fair) আৰু নৰ্থ-ইষ্ট বুক ফেয়াৰ (North east book fair) ৷ তাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলা অনুষ্ঠিত কৰা হয় ৷
ডিব্ৰুগড়তো দ্বাদশ গ্ৰন্থমেলা 26 নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে (12th Book fair Dibrugarh) ৷ ক’ভিড পৰিস্থিতি কিছু শাম কটাত অনুষ্ঠিত কৰা এই গ্ৰন্থমেলাৰ আৰম্ভণিৰ প্ৰাকক্ষণত ৰাইজৰ সমাগমে ইতিবাচক বাৰ্তা কঢ়িয়াইছে সমাজলৈ ৷ গ্ৰন্থমেলাৰ দ্বিতীয় দিনাও যথেষ্ট ভিৰ পৰিলক্ষিত হয় ৷
মিলন জ্যোতি সংঘৰ (milan jyoti sangha organised dibrugah book fair) সৌজন্যত চৌকিডিঙি খেলপথাৰত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাত দ্বিতীয় দিনা বিশ খনকৈ গ্ৰন্থ উন্মোচন কৰা হয় (20 books inaugurated at dibrugarh book fair) ৷ 26 নৱেম্বৰৰ পৰা 7 ডিচেম্বৰলৈকে 12 দিনীয়াকৈ অনুষ্ঠিত কৰা গ্ৰন্থমেলাত সাহিত্যিক ড৹ নগেন শইকীয়াই পতাকা উত্তোলন কৰি তেওঁৰ বহুমূলীয়া ভাষণ আগবঢ়াই গ্ৰন্থমেলাৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷
লগতে চাওক : Sahitya Shiromoni Award: বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়ালৈ সাহিত্য শিৰোমণি বঁটা