ETV Bharat / state

নামৰূপ সাৰ কাৰখানাত প্ৰচণ্ড বিস্ফোৰণ - Blast at BVFCL in Namrup

বিস্ফোৰণত কঁপি উঠিল নামৰূপ সাৰ কাৰখানা ৷ দেওবাৰে কাৰখানাৰ 2নং গোটত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷

নামৰূপ সাৰ কাৰখানাত প্ৰচণ্ড বিস্ফোৰণ
নামৰূপ সাৰ কাৰখানাত প্ৰচণ্ড বিস্ফোৰণ
author img

By

Published : Jan 6, 2020, 8:39 PM IST

নাহৰকটীয়া, 6 জানুৱাৰীঃ প্ৰচণ্ড বিস্ফোৰণে জোকাৰি যায় নামৰূপস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানাক ৷ দেওবাৰে নিশাৰ ভাগত সংঘটিত হোৱা বিস্ফোৰণত ক্ষতিগ্ৰস্থ হয় কাৰখানাৰ 2নং উৎপাদন গোট ৷ পাইপলাইনত হোৱা বিস্ফোৰণৰ ফলত কাৰখানাটোত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়, যাৰ বাবে একপ্ৰকাৰ ধ্বংসপ্ৰাপ্ত হয় কাৰখানাৰ 2নং উৎপাদন গোট ৷ বিগত বৰ্ষটো অনুৰূপ ঘটনাই সংঘটিত হৈছিল এই 2ং গোটত ৷ অৱশ্যে অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই ৷

লগতে পঢ়কঃ আছু নেতা বিজু গগৈৰ আলফাত যোগদান!

Intro:নামৰূপ সাৰকাৰখানাৰ দ্বিতীয়টো গোটত বিস্ফোৰণঃ

নিশা বিস্ফোৰণত কপি উঠিল সাৰনগৰী নামৰূপ ।নামৰূপ সাৰকাৰখানাৰ ২ নং এমনিয়া প্লাণ্টত সংঘটিত হল বিষ্ফোৰণ। নিশা ১২:৪৫ মিনিটত সংঘটিত হোৱা এই বিস্ফোৰণত তছ নছ সাৰকাৰখানাৰ এমনিয়া প্লাণ্ট

উল্লেখ্য যে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰকাৰখানাৰ এমনিয়া ২ নং গোটৰ চিনথেটিক গেছ কম্ৰে’ছৰৰ পৰা ফ্ৰিহিটাৰ ফাৰ্নেচলৈ সংযুক্ত এডাল পাইপ ফটাৰ ফলত ভয়ংকৰ বিস্ফোৰণহৈ উক্ত অংশ টোত জুই লাগে। অৱশ্যে অগ্নিকাণ্ড ৰ ফলত কোনো লোক হতাহঁত হোৱা নাই। মন কৰিব লগীয়া যে অতি পুৰণি হা সৰঞ্জাম ৰে চলি থকা উদ্যোগ টোৰ যন্ত্ৰ পাতি বজাৰত উপলব্ধ নহয়। ফলত অনিৰ্দিষ্ট কাললৈ ২ নং প্লাণ্টটো বন্ধ হোৱাৰ আশংকা কৰা হৈছে। আনহাতে বিগত বৰ্ষৰ ১৯ ছেপ্টেম্বৰ তাৰিখে নামৰূপত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়া উপস্থিত হৈ তিনি মাহৰ ভিতৰত সাৰকাৰখানাটোৰ চতুৰ্থ গোটটো নিমাৰ্ণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও সেয়াও ফুটুকাৰ ফেনত পৰিণত হল ।যাৰ ফলত এতিয়া দ্বিতীয় গোটতো বিস্ফোৰণ হোৱাত আয়ুস কাল ইতিমধ্যে উকলি যোৱা একমাত্ৰ তৃতীয় গোটটোৱে সাৰ উৎপাদন কৰিব লাগিব। চৰকাৰৰ অৱহেলাৰ বাবেই এই সাৰকাৰখানাটোৰ অৱস্থা কাগজ কলৰ দৰে যে হব সেয়া বৰ্তমান সময়ত স্পষ্ট হৈ পৰিছে ।
Byte1: BVFCL কতৃপক্ষ
Byte2: NAMRUP AASU
(১৯ ছেপ্তেম্বৰত নামৰূপ সাৰ কাৰখানালৈ কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়া অহাৰ footage দিয়া হৈছে)

----- নাহৰকটীয়াৰ পৰা মিনহাজ আহমেদৰ প্ৰতিবেদনBody:DOConclusion:DO
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.