ETV Bharat / state

মৰাণত ভাৰতীয় জনতা পাৰ্টিৰ দুদিনীয়া দলীয় কৰ্মশালা সমাপ্ত - BJP Party workshop

তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত 8 আৰু 9 নবেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যায় সভাখন ৷ উক্ত কৰ্মশালাত সমাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি সকলো স্তৰতে দলীয় ভেটি শক্তিশালী কৰিবলৈ বিতং আলোচনা কৰা বুলি জানিবলৈ দিয়ে দলীয় নেতৃত্বই ৷

BJP Party workshop end at Moran
মৰাণত ভাৰতীয় জনতা পাৰ্টিৰ দুদিনীয়া দলীয় কৰ্মশালা সমাপ্ত
author img

By

Published : Nov 9, 2020, 12:02 PM IST

মৰাণ, 9 নৱেম্বৰ: দেওবাৰে অন্ত পৰিল মৰাণত ভাৰতীয় জনতা পাৰ্টিয়ে দুদিনীয়াকৈ আয়োজন কৰা দলীয় কৰ্মশালা ৷ বিজেপিৰ ৰাজ্যিক সমিতিৰ নিৰ্দেশ মৰ্মে মৰাণ বিধানসভা সমষ্টিৰ খোৱাং আৰু লৰুৱা মণ্ডলৰ দলীয় কৰ্মীসকলক লৈ তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত 8 আৰু 9 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যায় সভাখন ৷ উক্ত কাৰ্যসূচীত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ,জিলাৰ উপ-সভাপতি অসীম হাজৰিকা, জিলাৰ সাধাৰণ সম্পাদক শ্যামল ভূমিজ,অসম চৰকাৰৰ জনজাতি উন্নয়নৰ অধ্যক্ষা শ্ৰীমতী স্বৰ্ণলতা দেউৰী শইকীয়া,কিষাণ মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পুস্পধৰ শেণচোৱাৰ লগতে সমষ্টিৰ বহু জ্যেষ্ঠ বিজেপি নেতা উপস্থিত থাকে ৷ উক্ত কৰ্মশালাত সমাজিক মাধ্যমৰ পৰা আৰম্ভ কৰি সকলো স্তৰতে দলীয় ভেটি শক্তিশালী কৰিবলৈ বিতং আলোচনা কৰা বুলি জানিবলৈ দিয়ে দলীয় নেতৃত্বই ৷

BJP Party workshop end at Moran
মৰাণত ভাৰতীয় জনতা পাৰ্টিৰ দুদিনীয়া দলীয় কৰ্মশালা

উল্লেখ্য যে,সমাগত বিধানসভা নিৰ্বাচনকলৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ ন-পুৰণি প্ৰতিটো ৰাজনৈতিক দল ৷ বিভিন্ন কাম-কাজ তথা সভা অনুষ্ঠিত কৰি দলৰ স্থিতি সবল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৰাজনৈতিক দল সমুহৰ নেতা কৰ্মী সকলে ৷

সমান্তৰালকৈ শাসকীয় দল বিজেপিয়েও সমষ্টিয়ে সমষ্টিয়ে নিজৰ দলীয় ভেটি শক্তিশালী কৰা তথা দলীয় কৰ্মী সকলক পাৰদৰ্শী কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰিছে দলীয় কৰ্মশালা ৷ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে মৰাণতো ভাৰতীয় জনতা পাৰ্টিৰ দুদিনীয়া দলীয় কৰ্মশালা দেওবাৰে সমাপ্ত হয় ৷

লগতে পঢ়কঃ সীমান্ত সুৰক্ষা নিশ্চিত কৰাত বিজেপি ব্যৰ্থ হৈছে : দেৱব্ৰত শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.