ETV Bharat / state

2021 নিৰ্বাচনত বিধায়কৰ পদো হেৰুৱাব দেবব্ৰত শইকীয়াইঃ বিজেপি

বিৰোধী দলপতিৰ আসন হেৰুৱাৰ পিচতে দেবব্ৰত শইকীয়াক সমালোচনাৰ লক্ষ্য কৰি ল'লে অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ আৰু বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই ৷ তেওঁ কয়, এইবাৰ নিৰ্বাচনত দেবব্ৰত শইকীয়াই নাজিৰা সমষ্টিৰ পৰা বিপুল ভোটত পৰাজয় বৰণ কৰিব ৷

bjp-leader-subhash-dutta-reacts-on-criticized-devabrat-saiki
2021 নিৰ্বাচনত নাজিৰা সমষ্টিৰ বিধায়কৰ পদ হেৰুৱাব দেবব্ৰত শইকীয়াই
author img

By

Published : Jan 6, 2021, 6:57 PM IST

মৰাণ, 6 জানুৱৰী : বিৰোধী দলপতিৰ আসনৰ দৰেই নাজিৰা সমষ্টিৰ পৰা বৰ্তমানৰ সমষ্টিটোৰ বিধায়ক দেবব্ৰত শইকীয়া পৰাজয় হোৱাটো নিশ্চিত ৷ এইবাৰ নিৰ্বাচনত দেবব্ৰত শইকীয়াই বিপুল ভোটত পৰাজয়বৰণ কৰিব ৷ বিৰোধী দলপতিৰ আসন হেৰুৱাৰ পিচতে শইকীয়াক এইদৰে সমালোচনাৰ লক্ষ্য কৰি ল'লে অসম গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ আৰু বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই ৷

বুধবাৰে ডিব্ৰুগড়ত সংবাদ মাধ্যমক সম্বোধন কৰি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ সুভাষ দত্তই কয়, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃত্যু আৰু শেহতীয়াকৈ অজন্তা নেওঁগে কংগ্ৰেছ দল ত্যাগ কৰাৰ পিচতে কংগ্ৰেছৰ দলৰ বিধায়কৰ সংখ্যা কমি আহে ৷ যাৰ ফলত বিৰোধী দলৰ মৰ্য্যদা হেৰুৱালে দেবব্ৰত শইকীয়াই ।'

2021 নিৰ্বাচনত নাজিৰা সমষ্টিৰ বিধায়কৰ পদ হেৰুৱাব দেবব্ৰত শইকীয়াই

ইফালে, সংবিধানৰ নীতি নিৰ্দেশনা অনুসৰি বিৰোধী দলপতি দেবব্ৰত শইকীয়াই নিজৰ আসন হেৰুৱাইছে ইয়াত কৰো হাত নাই বুলি কয় বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ গৰাকীয়ে । এই সন্দৰ্ভত কংগ্ৰেছে বৰ্তমান শাসকীয় দল আৰু অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো দলটোৰ বাবে হানিকাৰক ৷ এই কাৰ্যই অহা নিৰ্বাচনত নাজিৰা সমষ্টিত দেবব্ৰত শইকীয়াক বেয়াকৈ পৰাজয়বৰণ কৰাব বুলি সুভাষ দত্তই মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: DCGIৰ অনুমোদনৰ পিচতো 69 শতাংশ লোকৰ প্ৰতিষেধক ল’বলৈ অস্বীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.