ETV Bharat / state

ডিব্ৰুগড়ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় উদ্যোগত ৰাভা দিৱস পালন

author img

By

Published : Jun 20, 2020, 7:18 PM IST

শনিবাৰে ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত পালন কৰা হয় ৰাভা দিৱস ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু বিশিষ্ট নৃত্য শিল্পী ঝৰ্ণা শইকীয়াক 2020 বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান কৰে ৷

bishnu rabha divas celebrated in dibrugarh

ডিব্ৰুগড়, 20 জুনঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় উদ্যোগত শনিবাৰে ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত, ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰৰ প্ৰেক্ষাগৃহত পালন কৰা হয় ৰাভা দিৱস ৷ এই অনুষ্ঠানত বিশিষ্ট চিত্ৰশিল্পী কন্দৰ্প নাথ শৰ্মা আৰু বিশিষ্ট নৃত্য শিল্পী ঝৰ্ণা শইকীয়াক 2020 বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ কামাখ্যা তাছা,তপন গগৈ,মন্ত্ৰী যোগেন মোহন, নৱ দলেও উপস্থিত থাকে ৷

ডিব্ৰুগড়ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় উদ্যোগত ৰাভা দিৱস পালন

লক ডাউনৰ পিচত ডিব্ৰুগড়ত অনুষ্ঠিত এই ৰাজহুৱা অনুষ্ঠানত সীমিত সংখ্যক দৰ্শকৰ উপস্থিতি পৰিলক্ষিত হয় ৷ অনুষ্ঠানত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমীয়া জনজীৱন তথা সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে সোঁৱৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ কলাগুৰু গৰাকীৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ তেজপুৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা স্মৃতি উদ্যানৰ কাম অসমৰ ৰাইজৰ সহযোগত অতি শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়কঃ নদীৰ বালিচৰত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.