ETV Bharat / state

DAC Election 2022: প্ৰতিশ্ৰুতি নহয়, এইবাৰ গামোচাৰে ভোটাৰৰ মন ভুলোৱাৰ চেষ্টা মন্ত্ৰী বিমল বৰাৰ

author img

By

Published : Nov 2, 2022, 1:15 PM IST

দেউৰী গামোচাৰ প্ৰশংসাত পঞ্চমুখ সাংস্কৃতিক মন্ত্ৰী বিমল বৰা(Bimal Borah campaign for DAC Election 2022) ৷ গামোচাৰে ভোটাৰৰ মন জয়ৰ চেষ্টা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাৰ(Gamocha Issue in DAC election) ৷

Bimal Borah campaign for DAC Election 2022
DAC Election 2022: প্ৰতিশ্ৰুতি নহয় এইবাৰ গামোচাৰে ভোটাৰৰ মন ভুলোৱাৰ চেষ্ঠা মন্ত্ৰী বিমল বৰাৰ

ডিব্ৰুগড়, ১নৱেম্বৰ: দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত গামোচাৰ প্ৰসংগ(Gamocha Issue in DAC election) ৷ ক্ৰমাৎ তুংগত উঠিছে দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ । সেয়ে এইবাৰ ভোটাৰৰ মন জয় কৰিবলৈ নিৰ্বাচনী প্ৰচাৰত উত্থাপিত হ'ল গামোচাৰ প্ৰসংগ । দেউৰী গামোচাৰ প্ৰশংসাত পঞ্চমুখ হ'ল মন্ত্ৰী বিমল বৰা ।

৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁ‌টৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভাস্কৰ দেউৰীৰ হৈ টিংখাঙৰ কলৌলোৱাত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ(BJP State president Bhobesh Kalita) সৈতে অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই দেউৰী গামোচাখনক লৈ নষ্টালজিক হৈ পৰে । নিৰ্বাচনী সভাখনত দেউৰী সমাজৰ গামোচাখনক প্ৰশংসা কৰি মন্ত্ৰী বৰাই কয় যে, দেউৰীৰ এই গামোচাখনত নিহিত হৈ আছে নিভাঁজ সৰলতা আৰু ইয়ে সমাজখনৰ সুন্দৰ মনটোক প্ৰতিনিধিত্ব কৰে । নিজৰ সমষ্টিৰ সহজ-সৰল ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ গামোচাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিলেও কিন্তু মন্ত্ৰীগৰাকীয়ে দেউৰী জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে কি কাৰ্যপন্থা গ্ৰহণ কৰিছে অথবা অনাগত সময়ত গ্ৰহণ কৰিব সেই সন্দৰ্ভত টু শব্দ এটাও উল্লেখ কৰা শুনিবলৈ পোৱা নগ'ল ।

হোজা দেউৰী ৰাইজৰ আদৰৰ গামোচাৰ কথা কৈ যেন একপ্ৰকাৰ ভোট আদায়ৰ বাবে চেষ্টা চলালে মন্ত্ৰী বিমল বৰাই(Minister Bimal Borah)। ৪ নং ডিব্ৰুগড় পৰিষদীয় সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ বিজয় নিশ্চিত বুলি উমান পাই উন্নয়ন তথা জনগোষ্ঠীটোৰ সমস্যা, অসুবিধাৰ সমিধান সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পৰিৱৰ্তে কেৱল গান-বাজনাতেই সীমাৱদ্ধ ৰাখিলে দলীয় নিৰ্বাচনী প্ৰচাৰ (Bimal Borah campaign for DAC Election 2022) ৷

নিৰ্বাচনী সভাখনত লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা, মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, ডিব্ৰুগড় জিলা উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, বিজেপিৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি জগদীশ ৰাজখোৱা, ডিব্ৰুগড় জিলা অন্যান্য অনুসূচীত জাতি উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ প্ৰশান্ত গগৈকে ধৰি দলটোৰ বহু নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: Protest at Goreshwar college: পৰীক্ষাৰ ফলাফলত বিসংগতিৰ অভিযোগত উত্তাল গোৰেশ্বৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.