ETV Bharat / state

হেঁপাহৰ ব’হাগক আদৰিবলৈ ব্যাপক প্ৰস্তুতি নাহৰৰ দেশত

author img

By

Published : Apr 1, 2022, 2:01 PM IST

পদুলি মুখত হেঁপাহৰ ৰঙালী ৷ ৰঙালীক লৈ ব্যস্ত ৰাজ্যবাসীও (Bihu preparation in Assam) ৷ হেঁপাহৰ ব’হাগক আদৰিবলৈ ব্যাপক প্ৰস্তুতি নাহৰৰ দেশটো ৷ এইবাৰ নাহৰৰ দেশত অয়োজিত হোৱা বিহুৰ কৰ্মশালাত বিদেশী শিক্ষাৰ্থীসকলেও বিহু নাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৷

Bihu preparation in Assam
ৰঙালীক লৈ ব্যস্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়

মৰাণ, 1 এপ্ৰিল : নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এতিয়া উৎসৱ মুখৰ পৰিৱেশ ৷ কিয়নো পদুলি মুখত হেঁপাহৰ ৰঙালী (Bihu preparation in Assam) ৷ হেঁপাহৰ ৰঙালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে বিশ্ববিদ্যালয়ৰ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছুৰ গোটৰ উদ্যোগত বিশ্ববিদ্যালয়ত আৰম্ভ হৈছে দশম বাৰ্ষিক বিহু কৰ্মশালা (Bihu workshop at DU)। 2012 চনৰ পৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাকৰিত আয়োজিত কৰি অহা হৈছে এই কৰ্মশালাখনিৰ ৷ এই কৰ্মশালাত বিহুনাচ, ঢোল আৰু পেঁপা বাদন শিকোৱা হৈছে (Bihu dance workshop at Dibrugarh University) ।

অসম কুঁৱৰী, বৰদৈচিলা খ্যাত ইন্দুস্মিতা শইকীয়া আৰু বিহুৱতী নিৰ্জুমা কাকতীৰ লগতে স্মীতা গগৈ আৰু গংগা বসুমতাৰীয়ে প্ৰদান কৰিছে বিহুনাচৰ প্ৰশিক্ষণ ।

ৰঙালীক লৈ ব্যস্ত নাহৰৰ দেশ

উল্লেখ্য যে, এইবাৰ বিহু এই কৰ্মশালাত বিশ্ববিদ্যালয়খনত অধ্যয়নৰত বিদেশৰ শিক্ষাৰ্থীসকলেও বিহুনাচৰ প্ৰশিক্ষণ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । 2022 বৰ্ষৰ এইবাৰৰ বিহু প্ৰশিক্ষণ কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ লগতে কাষৰীয়া অঞ্চলটোৰ বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা দেখা যায় ।

লগতে পঢ়ক : ঢোল-পেঁপাৰ সুৰীয়া লহৰেৰে ব’হাগীক আদৰাৰ প্ৰস্তুতি মাজুলীয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.