- নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত তৃতীয় দিনাও উত্তাল ৰাজ্য
- পুৱাৰ পৰা ৰাজ্য বিভিন্ন প্ৰান্তত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদ
- পুৱাই ডিব্ৰুগড়ৰ বকুলত ভয়ংকৰ পৰিস্থিতি
- প্ৰতিবাদকাৰীক বাধা দিবলৈ আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগ
- উত্তেজিত প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা ডিব্ৰুগড় আৰক্ষীৰ
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ শূন্যলৈ গুলিচালনা
- আৰক্ষীলৈ শিলগুটি নিক্ষেপ প্ৰতিবাদী ৰাইজৰ
শেহতীয়া তথ্য...
ডিব্ৰুগড়ৰ বকুল চাউলউখোৱাত ভয়াৱহ পৰিস্থিতি,প্ৰতিবাদকাৰীক লাঠি চালনা,শূণ্যলৈ গুলী আৰু প্ৰতিবাদকাৰীলৈ ৰবৰ গুলী,কন্দোৱা গেছ প্ৰয়োগ আৰক্ষীৰ । প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ বৃহৎ বৃহৎ শিল ইটা নিক্ষেপ কৰে,প্ৰতিবাদকাৰীৰ আক্ৰমণত গুৰুতৰ ভাৱে আহত হয় বাতৰি সংগ্ৰহ কৰি থকা এগৰাকী সাংবাদিক। আহত সাংবাদিকজনৰ নাম ৰাতুল বুঢ়াগোহাঁই বুলি জানিব পৰা গৈছে । বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনি নাৰ্চিং হোমত চিকিৎসাধীন ৰাতুল বুঢ়াগোহাঁই।
উল্লেখ যে ডিব্ৰুগড়ত বিগত দুদিন ধৰি দিনে নিশাই প্ৰতিবাদ অব্যাহত থকাৰ পাছত আজি পুৱাও অনুৰূপ পৰিৱেশ দেখা গৈছে।প্ৰতিটো পথতে টায়াৰ জ্বলাই প্ৰতিবাদ অব্যাহত থকাৰ পাছত হাজাৰ হাজাৰ লোক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকসহ আৰক্ষীৰ এটা দলে এই সকল প্ৰতিবাদকাৰীক শান্তিপূৰ্ণ ভাৱে প্ৰতিবাদ জনাবলৈ আৰু আন ৰাইজক প্ৰতিবাদৰ নামত হাৰাশাস্তি নকৰিবলৈ আহ্বান জনাই থকাৰ সময়তে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ বকুলত আৰক্ষীৰ আহ্বান নামানি প্ৰতিবাদকাৰীয়ে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলে ৷ উত্তেজিত প্ৰতিবাদকাৰীয়ে আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই, তাৰ পাছতে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণৰ বাবে ৰবৰ বুলেটেৰে গুলী চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে। আনহাতে আৰক্ষীৰ গুলীচালনাত আহত হৈছে ডিব্ৰুগড় বকুল পলিটেকনিকৰ এগৰাকী ছাত্ৰী । আহত ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ।