ETV Bharat / state

Bhupen Borah slams BJP: বিজেপিয়ে পদুলিয়ে পদুলিয়ে টোলগেট বহুওৱাৰ শংকাত ভুগিছে ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 2:26 PM IST

‘‘ৰাজ্যত এতিয়া ৰাইজৰ পদূলিয়ে পদূলিয়ে টোলগেট স্থাপন কৰিব বিজেপি চৰকাৰে ৷’’ এই মন্তব্য কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷ ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য আগবঢ়ায় বৰাই ৷

Bhupen Borah slams BJP
বিজেপিক সমালোচনা ভূপেন বৰাৰ
বিজেপিয়ে পদুলিয়ে পদুলিয়ে টোলগেট বহুওৱাৰ শংকাত ভুগিছে ভূপেন বৰা

ডিব্ৰুগড়, 29 আগষ্ট: পুনৰ টোলগেট স্থাপনৰ সিদ্ধান্ত সন্দৰ্ভত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷ ৰাজ্য চৰকাৰৰ শেহতীয়া কাম-কাজৰ লগতে শাসক দল বিজেপিত সংঘটিত ঘটনাক লৈ ডিব্ৰুগড়ৰ ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ৰাজ্য চৰকাৰে শেহতীয়াকৈ পুনৰ 18 খন টোলগেট আৰম্ভ কৰা বাবে প্ৰস্তুতি চলোৱাৰ এক খবৰ ৰাজহুৱা হোৱাৰ পাছতে মংগলবাৰে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰৰ কামৰ তীব্ৰ সমালোচনা কৰে ।

কংগ্ৰেছ চৰকাৰৰ দিনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে 'ৰাইজৰ পদূলিয়ে পদূলিয়ে চৰকাৰ' শ্ল'গান দি চৰকাৰ চলাইছিল । কিন্তু এতিয়া চৰকাৰে ৰাইজৰ পদূলিয়ে পদূলিয়ে টোলগেট স্থাপন কৰিবলৈ লৈছে । এতিয়াৰে পৰা অসমৰ ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈ গ'লে কমেও 15 ৰ পৰা 20 খন টোলগেটত পইছা দিব লাগিব বুলি কয় বৰাই । এতিয়াৰে পৰা টোলগেটত পইছা দিবলৈ ৰাইজক সাজু হ'বলৈ আহ্বান জনায় কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

লগতে সভাপতিগৰাকীয়ে নামনি অসমৰ ফালে টোলগেট বৃদ্ধিৰ সংখ্যা দেখি ৰাইজে "কিনো তোমাৰ লীলা মামা কিনো তোমাৰ লীলা চামুচেৰে দি বেলচা মাৰি নিয়া" বুলি গান ওলোৱাৰ কথা উল্লেখ কৰিও হেমন্ত বিশ্ব নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক সমালোচনা কৰে কংগ্ৰেছ সভাপতিগৰাকীয়ে । যি সময়ত চাহ বাগিচাৰ পৰা গ্ৰামাঞ্চলৰ ৰাইজে মুল্যবৃদ্ধিত সৰ্বস্বান্ত হৈছে তেনে সময়তে বিজেপি চৰকাৰে টোলগেট স্থাপন কৰি শাসন নহয় শোষণ কৰিবলৈ আৰম্ভ কৰিছে বুলি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

লগতে পঢ়ক: Assam BJP internal clash: সভাপতিৰ সাৱধানবাণী; কোনো কাৰণতে সংবাদ মাধ্যমৰ আগত একো ক’ব নোৱাৰি বিজেপি কৰ্মীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.