টিংখাং, ২৪ মাৰ্চ: অহা ২৮ আৰু ২৯ মাৰ্চত টিংখাঙৰ ৰাজগড়স্থিত ঐতিহাসিক শ্ৰীশ্ৰী যুৰীয়া আই থান প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব লগীয়া ষষ্ঠ বাৰ্ষিক হোলী মহোৎসৱ বাতিল কৰা হৈছে । বুধবাৰে টিংখাঙৰ সাই বিবাহ ভৱনত আয়োজিত সংবাদমেলত এই মহোৎসৱ বাতিলৰ ঘোষণা কৰে সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ টিংখাং আঞ্চলিক সমিতিয়ে ।
সদৌ অসম ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ৰাজগড় শাখা সমিতিৰ সভাপতি আশাস কলোৱাৰ অকাল মৃত্যুৰ বাবেই এই হোলী মহোৎসৱ বাতিল কৰা হৈছে বুলি সংগঠনটোৱে জানিবলৈ দিয়া । সভাপতিগৰাকীৰ মৃত্যুত সংগঠনটোৱে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ আত্মাৰ সদগতিৰ কামনা কৰে । লগতে তেওঁলোকে ঘোষণা কৰে যে অহা বছৰ একে উদ্দমেৰে তেওঁলোকে আয়োজন কৰিব হোলী মহোৎসৱ ।
সংবাদমেলত ভোজপুৰী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি সঞ্জয় কলোৱা ,টিংখাং আঞ্চলিক সমিতিৰ সভাপতি মনোজ কুমাৰ শ্বাহ ,সম্পাদক বিনোদ শৰ্মা ,উপদেষ্টা অনুপ জয়ছোৱালকে ধৰি শাখা আৰু উপ-শাখাৰ সভাপতি,সম্পাদক সকল উপস্থিত থাকে ।
লগতে পঢ়ক:মাজুলীত বিজেপিত যোগদান শতাধিক লোকৰ